NORTHEAST NOW (Assamese)

বোকাখাতৰ ডিফলু নদীত চোৰাং বালিৰ ৰমৰমীয়া ব্যৱসায়; বন বিভাগৰ অভিযান

November 25, 2018 4:44 pm · উত্তম শইকীয়া

বোকাখাতত থকা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ ডিফলু চাহ বাগিচাৰ সমীপৰ ডিফলু নদীৰ পাৰত গঢ়ি উঠা অবৈধ বালি মহলত আজি বোকাখাত খণ্ড বন বিষয়াই এক অভিযান চলায়।

যোৱা ২৩ নবেম্বৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিফলু শাখাই দিয়া অভিযোগৰ আধাৰত খণ্ড বন বিষয়াই ঘটনাস্থলীলৈ গৈ অবৈধভাৱে চলাই থকা বালি খনন কাৰ্য বন্ধ কৰাৰ উপৰিও বালি খননত ব্যৱহাৰ কৰা কেতবোৰ বেলচা জব্দ কৰাৰ লগতে খনন কাৰ্য চলাই থকা স্থানলৈ গাড়ী যোৱাৰ পথসমূহ বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে ডিফলু নদীৰ পাৰত চলোৱা এই অবৈধ বালি খনন কাৰ্যই বাগিচাখনত ডিফলু নদীৰ ওপৰত থকা ঐতিহ্যমণ্ডিত ওলোমা দলংখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

প্ৰাপ্ত তথ্য মতে বোকাখাতৰ একাংশ ব্যৱসায়ীয়ে স্থানীয় দুই এক যুৱকৰ সহায়ত ডিফলু নদীত চোৰাংভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।

যাৰ পৰিপ্ৰেক্ষিতত ডিফলু চাহ বাগিচাৰ আটচা গোটৰ অভিযোগৰ পিছতে খণ্ড বন বিষয়াই অভিযান চলায় ডিফলুত বালিৰ অবৈধ খনন বন্ধ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰে।

Related News