NORTHEAST NOW (Assamese)

ছানিয়াৰ সৈতে বিবাহিত জীৱনতো বাৰে বাৰে পৰকীয়াত শ্বোৱেইব! অতীতক লৈ পস্তাব ছানিয়াই?

January 21, 2024 2:28 pm · এন ই নাও নিউজ, গুৱাহাটী

২০১০ চনত ৰাজকীয় বিয়া। ভাৰত আৰু পাকিস্তানৰ সংবাদ মাধ্যমে সেই বিবাহৰ সবিশেষ জনাবলৈ খৰখেদা কৰিছিল। যিয়েই নহওক, এজনে ভাৰতীয় টেনিছক বিশ্বৰ শ্ৰেষ্ঠ মঞ্চলৈ লৈ গৈছে। প্ৰথমে ছিংগলছ, তাৰ পিছত ডাবলছ, মিক্সড -ডাবলছত তেওঁ ইটোৰ পিছত সিটো গ্ৰেণ্ড শ্লেমত সফলতাৰ বীজ সিঁচিছে। আন এজন, পাকিস্তান ক্ৰিকেটৰ ব্লু আইড বয়। বিশেষকৈ সীমিত অভাৰৰ ক্ৰিকেটত ভৰসাৰ আন এটা নাম।

দুয়োখন দেশৰ চিৰ চিনাকি আত্মীয়তাই শ্বোয়াইব মালিক-ছানিয়া মিৰ্জাৰ বিবাহত বাধা হৈ পৰিছিল। তাৰ পিছত বৈবাহিক সম্পৰ্কৰ ১৩ বছৰ পাৰ হৈ গ’ল। ভাৰত-পাক চেলিব্ৰিটি দম্পতীৰ সম্পৰ্কই বহু উত্থান-পতনৰ মাজেৰে পাৰ হৈ গৈছে।

শনিবাৰে পুৱা সাত বজাত শ্বোৱেইবে নিজৰ ইনষ্টা-প্ৰফাইলত ঘোষণা কৰিছিল, তেওঁৰ নতুন পত্নীৰ নাম ছানা জাভেদ। এটা অধ্যায়ৰ অন্ত পৰিল।

কেইবাবছৰ ধৰি দুয়োখন দেশৰ সংবাদ মাধ্যমত এই সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। যুটিটোৰ প্ৰতিটো গতিবিধি, ছ’চিয়েল-মিডিয়া পোষ্টৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছিল। সম্পৰ্কৰ কেৰোণবোৰ ফঁহিয়াই চোৱা হৈছিল। কেতিয়াবা শ্বোৱেইব, কেতিয়াবা ছানিয়াই এই মিডিয়াৰ `আতিশয্য’ৰ লগে লগে ছ’চিয়েল মিডিয়াত নামি পৰিছে। কিন্তু শনিবাৰৰ পিছত সেই জল্পনা-কল্পনাৰ চকুৰ পলকতে অৱসান ঘটিল।

২০১০ চনত শ্বোৱেইবৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে ছানিয়াই  হায়দৰাবাদৰ ব্যৱসায়ী সোহৰাব মিৰ্জাৰ সৈতে প্ৰায় বিবাহপাশত আবদ্ধ হ’বলৈ লৈছিল। বাগ্দান হৈ গৈছিল। হায়দৰাবাদৰ এখন ছুপাৰ বেকাৰীৰ মালিকৰ পুত্ৰৰ সৈতে ছানিয়াৰ বিয়া প্ৰায় সাজু হোৱাৰ সময়তে তেতিয়া শ্বোৱেইব মালিকে এন্ট্ৰি লৈ বিয়া পাতিলে। বৰ নাটকীয় সেই কাহিনী।

যদিও সেই সময়ত শ্বোৱেইব মালিকে নিজকে অবিবাহিত বুলি দাবী কৰিছিল, পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে শ্বোৱেইবে পাকিস্তানৰ আয়েছা ছিদ্দিকীৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে তীব্ৰ আপত্তিৰে সেইবাৰ শ্বোৱেইবে সমগ্ৰ ঘটনা অস্বীকাৰ কৰে। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত আয়েছা ছিদ্দিকী আৰু তেওঁৰ ভগ্নী মাহা শ্বোৱেইবৰ সাক্ষাৎকাৰে বিখ্যাত বিয়াখনৰ পৰিৱেশত আলোড়নৰ সৃষ্টি কৰে। শ্বোৱেইবে ছবি দেখুৱাই সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰাৰ কথা জনায়। আনকি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ছানিয়াৰ সৈতে সম্পৰ্ক অক্ষুণ্ণ ৰাখিবলৈ আয়েছাৰ পিতৃ এম ছিদ্দিকীলৈও আইনী জাননী প্ৰেৰণ কৰে।

ছানিয়াই অৱশ্যে সম্পৰ্কটোৰ প্ৰতি সদায় আনুগত্যশীল আছিল। নিয়মিতভাৱে ইনষ্টাগ্ৰাম-ফেচবুকত শ্বোৱেইবৰ সৈতে অন্তৰংগ ছবিৰে প্ৰেম প্ৰকাশ কৰিছিল। পিছলৈ মাতৃ হোৱাৰ পিছত ছানিয়াই গৃহিণী হোৱাৰ ওপৰত অধিক মনোনিৱেশ কৰিছিল। টেনিছ চাৰ্কিটতো তেওঁ অনিয়মিত হৈ পৰিল। যোৱা বছৰ অৱসৰৰ আগলৈকে শ্বোৱেইবক সমৰ্থন কৰি গৈছে ভাৰতীয় কন্যাগৰাকীয়ে। শ্বোৱেইবে পাকিস্তানৰ হৈ খেলি থকাৰ সময়ত ছানিয়াই নিজৰ ব্যস্ত টেনিছৰ সময়সূচী চম্ভালি গেলেৰীত উপস্থিত আছিল।

২০১৯ চনৰ বিশ্বকাপৰ বাবে ইংলেণ্ডলৈ গৈ বিতৰ্কৰো সৃষ্টি কৰিছিল ছানিয়াই। ভাৰতৰ বিৰুদ্ধে খেলখনৰ প্ৰাকক্ষণত শ্বোৱেইবকে ধৰি কেইবাগৰাকীও পাকিস্তানী তাৰকা ক্ৰিকেটাৰৰ সৈতে ৰেষ্টুৰেণ্টত থকা তেওঁৰ এখন ছবি ভাইৰেল হৈ পৰে। পাকিস্তানী ক্ৰিকেটাৰসকলৰ ফোকাচ নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল ছানিয়াৰ বিৰুদ্ধে। একেদৰে পাকিস্তানী ক্ৰিকেটাৰ এজনক বিয়া কৰাই দেশপ্ৰেম সম্পৰ্কেও নিয়মিত প্ৰশ্ন উত্থাপন হৈছে। ছানিয়াই বাৰে বাৰে পৰিপক্কভাৱে বিষয়টো চম্ভালিছে।

শ্বোৱেইব-ছানিয়াই নিয়মিতভাৱে ছ’চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত নিজৰ ছবি শ্বেয়াৰ কৰে। কিন্তু যোৱা বছৰৰ পৰা এই ছবিপোষ্ট কৰাৰ সংখ্যা কমিছে। দুয়ো কিছু নিষ্ক্ৰিয় হৈ পৰে। ইয়াৰ মাজতে শ্বোৱেইবৰ বিৰুদ্ধে পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰৰ সৈতে পৰকীয়াৰ অভিযোগ উত্থাপন হয়। দুয়োজনে ফটো শ্বুটলৈ গৈ একেলগে কেইবাখনো ছবি তুলিছিল। সেই অন্তৰংগ ফটো পাকিস্তানত ভাইৰেল হৈ পৰিছিল।

আয়েছা ওমৰ কাণ্ডৰ মাজতে ছানিয়া-শ্বোৱেইবে নিজাকৈ টিভি শ্ব’ আৰম্ভ কৰে। ডুবাইৰ পৰা টেলিকাষ্ট কৰা হৈছিল মিৰ্জা-মালিক শ্ব’। ইজনৰ পিছত সিজন  বিখ্যাত চেলিব্ৰিটিয়ে এই তাৰকা দম্পতীৰ শ্ব’ত দেখা দিছিল। ৪০টাতকৈও অধিক খণ্ড সফলতাৰে প্ৰচাৰ হৈছিল।

ছানিয়াৰ সৈতে সম্পৰ্কৰ এই অস্থিৰ সময়ছোৱাত শ্বোৱেইবে পাকিস্তানী টিভি অভিনেত্ৰী ছানা জাভেদৰ সৈতে জড়িত হৈ পৰে। তেওঁৱো বিবাহ বিচ্ছেদ হোৱা। ২০২০ চনত পাকিস্তানী গায়ক উমৰ জাছৱালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ছানাই যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদ কৰে। ৪১ বছৰীয়া তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০২২ চনৰ মাৰ্চ মাহত ছানা জাভেদৰ সৈতে পাকিস্তানী শ্ব’বিজ জগতত মেকআপ আৰ্টিষ্ট আৰু জুনিয়ৰৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰৰ বিষয়ত ৰাজহুৱা হৈছিল। ‘পেয়াৰ আফজল’ অভিনেত্ৰীগৰাকীৰ সমৰ্থনত শ্বোৱেইবে সেই সময়ত লিখিছিল, “ছানা জাভেদক মই যথেষ্ট দিনৰ পৰা চিনি পাওঁ। তেওঁৰ সৈতে কেইবাটাও শ্ব’ত কাম কৰাৰ অভিজ্ঞতা আছে। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কব পাৰো যে তেওঁ মোৰ লগতে মোৰ চৌপাশৰ সকলোৰে প্ৰতি সদায় দয়ালু আৰু সৌজন্যতাৰে কাম কৰি আহিছে।”

ইয়াৰ পিছত যোৱা বছৰ শ্বোৱেইবৰ সৈতে ছানাৰ সম্পৰ্কৰ উৰাবাতৰি তীব্ৰতৰ হৈ পৰে যেতিয়া শ্বোৱেইবে অভিনেত্ৰীগৰাকীক পোনপটীয়াকৈ জন্মদিনৰ শুভেচ্ছা জনায়। নিজৰ এখন ছবি পোষ্ট কৰি শ্বোৱেইবে লিখিছিল, “হেপি বাৰ্থডে বাডী।”

সকলোৱে ভাবিছিল হয়তো এয়া কেৱল জল্পনা-কল্পনা। দুয়োৰে মাজৰ সম্পৰ্ক আগৰ দৰেই মজবুত। কিন্তু কেইসপ্তাহমানৰ আগতে ছানিয়াই শ্বোৱেইবৰ সৈতে থকা সকলো ছবি তেওঁৰ ছ’চিয়েল মিডিয়াৰ পৰা ডিলিট কৰিছিল। ইয়াৰ পিছত ছানিয়াৰ ইংগিতদায়ক পোষ্টটোক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰে।

তাত তেওঁ কয়, “বিবাহ সঁচাকৈয়ে কঠিন। আনকি বিবাহ বিচ্ছেদো। কিন্তু আটাইতকৈ কঠিন কামটো হ’ল বাছি লোৱা। মেদবহুলতা কঠিন। আনকি ফিট হৈ থকাটোও কঠিন। এই কঠিন পথটো আপুনি নিজেই বাছি ল’ব লাগিব। ঋণত থকাটো কঠিন। আনকি আৰ্থিকভাৱে অনুশাসিত হোৱাটোও কঠিন। যোগাযোগ কঠিন। আনকি যোগাযোগহীনতাও কঠিন। জীৱন কেতিয়াও সহজ নহয়। জীৱনত জীয়াই থকাটো সদায় কঠিন। কিন্তু কঠিনটোৱে বাছি ল’ব লাগিব। বুদ্ধিমানৰ দৰে বাছি লব লাগিব।”

বুজাই গৈছিল সম্পৰ্ক যথেষ্ট চাপত পৰিছে। নিৰন্তৰ যাত্ৰাত বাধা আহিছে। তাৰ পিছতে শনিবাৰে শ্বোয়াইবৰ ইনষ্টা-পোষ্টত অৱসান ঘটিল সকলো চৰ্চাৰ।

Related News