NORTHEAST NOW (Assamese)

কংগ্ৰেছত অসন্তুষ্টি বৃদ্ধি; জেষ্ঠ কংগ্ৰেছী নেতা সঞ্জয় ঝাক দলৰ পৰা বহিস্কাৰ

July 15, 2020 8:21 am · এন ই নাও নিউজ
সঞ্জয় ঝা

কংগ্ৰেছৰ জেষ্ঠ নেতা সঞ্জয় ঝাক দল বিৰোধী কাৰ্য্যকলাপ আৰু দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰা হয়।

”দল বিৰোধী কাৰ্য্যকলাপ আৰু দলীয় অনশাসন ভংগৰ অপৰাধত সঞ্জয় ঝাক কংগ্ৰেছ দলৰ পৰা শীৰ্ঘে কাৰ্য্যকৰী হোৱাকৈ বহিস্কাৰ কৰা হয়,” কংগ্ৰেছ দলে এনেদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত মাহত সঞ্জয় ঝাক দলৰ মুখপাত্ৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল।

অলপতে, সঞ্জয় ঝাই ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী শচীন পাইলটক বিগত পাঁচ বছৰ ধৰি তেওঁ ৰাজস্থানত কৰি থকা কষ্টৰ বাবে প্ৰশংসা কৰিছিল।

১৪ জুলাইত ৰাজস্থানৰ অশোক গেহলট চৰকাৰেও শচীন পাইলটক ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছিল লগতে পাইলটক ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰাও অপসাৰণ কৰিছিল।

শচীন পাইলটে আজি সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে।

মঙলবাৰে টুইটাৰত পাইলটে কংগ্ৰেছ ত্যাগ কৰাৰ ইংগিত দিছে।

কংগ্ৰেছৰ আন এগৰাকী জেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰেও শচীন পাইলটে কংগ্ৰেছক বিদায় জনাবলৈ সাজু হোৱা ঘটনাত দুখ প্ৰকাশ কৰে।

Related News