• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ কৰ্মীৰ প্ৰতি পুতৌ প্ৰকাশ সদ্যকাৰামুক্ত সঞ্জয় সিঙৰ

সাৰদা-লুইজ বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধে  আন্দোলন কৰি থাকোতেই মোডীয়ে আঁকোৱালি ল'লে হিমন্ত বিশ্ব শৰ্মাক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 4, 2024 3:36 pm
111
VIEWS
Share on FacebookShare on Twitter

তথাকথিত সুৰা কেলেংকাৰীত জড়িত থকাৰ কোনো তথ্য-প্ৰমাণ ই ডিয়ে দিব নোৱাৰাত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কাৰাগাৰৰ পৰা ওলায়েই আক্ৰমণাত্মক হৈ পৰা দেখা যায়।

কালি নিশা জনতাক সম্বোধন কৰি তেওঁ বিজেপি কৰ্মীসকললৈ পুতৌ উপজে বুলি মন্তব্য কৰে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতা হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ বিশদ বিৱৰণেৰে পুস্তিকা উলিয়াই বিজেপিয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল আৰু হিমন্ত বিশ্বৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ কৰ্মীসকলে আৰক্ষীৰ লাঠীৰ কোব খোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক আঁকোৱালি ল’লে। একেই ঘটনা ঘটিল ৭০ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা বুলি খুদ প্ৰধানমন্ত্ৰীয়ে জনসভাত ভাষণ দিয়া অজিত পাৱাৰৰ ক্ষেত্ৰত। আদৰ্শ হাউছিং কেলেংকাৰীত অভিযুক্ত অশোক চৌহান, পশ্চিমবংগৰ মুকুল ৰায়, সুভেন্দু অধিকাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে আন্দোলন কৰি থাকোতেই তেওঁলোকক মোডীয়ে দললৈ ৰঙা দলিচা পাৰি আদৰি আনিলে। প্ৰধানমন্ত্ৰী মোডীৰ শ্লোগান দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য’তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিয়াৰ সন্দৰ্ভত সঞ্জয় সিঙে বক্ৰোক্তি কৰি কয়, দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য’তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিওঁ, এজন এজন ভ্ৰষ্টাচাৰীক বিজেপিত চামিল কৰিম। এয়া হৈছে কাৰ্যতঃ ভ্ৰষ্টাচাৰবিৰোধী নীতি।

অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব লাগে বুলি বিজেপিয়ে কৰা দাবীৰ প্ৰত্যুত্তৰত তেওঁ কয় যে বিজেপিয়ে কেজৰিৱালৰ পদত্যাগ বিচৰা নাই, তেওঁলোকে বিচাৰিছে দিল্লীৰ দুই কোটি জনতাই পাই থকা বিনামূলীয়া স্বাস্থ্যসেৱা, বিনামূলীয়া শিক্ষা, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা, বয়সস্থসকলৰ বিনামূলীয়া তীৰ্থ যাত্ৰা কিয় বন্ধ কৰা নাই! দিল্লীৰ মুখ্যমন্ত্ৰীয়ে যদি বিজেপিৰ চক্ৰান্তত পৰি পদত্যাগ কৰে তেন্তে বিৰোধী দলৰ প্ৰতিজন মুখ্যমন্ত্ৰীকে পদত্যাগ কৰিবলৈ বিজেপিয়ে বাধ্য কৰাব। সেই পৰিকল্পনাতে কেৰালাৰ মুখ্যমন্ত্ৰীৰ জীয়ৰী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ ভতিজাকৰ বিৰুদ্ধে মোদী বাহিনীয়ে তদন্ত আৰম্ভ কৰিছেই। 

ওচামা বিন লাডেনে শান্তিৰ কথা পতা আৰু বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা একেই বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিৰোধী নেতাক আক্ৰোশমূলকভাৱে মোডী চৰকাৰে জে’ললৈ নিক্ষেপ কৰা কাৰ্যৰ প্ৰতিবাদত চলিত লোকসভা নিৰ্বাচনত সকলোকে ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ দিবলৈ তেওঁ আহ্বান জনায়।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd