BIG BREAKING! মৰিয়নীত টিকট কৰ্তন হ’ব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ!

এই মুহূৰ্তৰ ৰাজনৈতিক মহলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নৰ্থ ইষ্ট নাওৰ হাতত।

মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ প্ৰাৰ্থীত্ব বা দলীয় টিকট কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ৰাইজৰ দলৰ অধিক গুৰুত্ব থাওৰা সমষ্টিতহে।

শুক্ৰবাৰৰ দিনৰ ভাগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক বিশ্বাসঘাটক আখ্যা দি অকলে নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল তথা মৰিয়নীত সঞ্জীৱ গগৈ আৰু থাওৰাত ধৈয্য কোঁৱৰক প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ কিছু সময়ৰ পাছতে সলনি হ’ল ৰাজনৈতিক প্ৰেক্ষাপট। কিয়নো কংগ্ৰেছে ৰাইজৰ দলক এখন আসন আৰু অসম জাতীয় পৰিষদক এখন আসন এৰি বাকী ৪ খনত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব তথা প্ৰত্যেকটো সমষ্টিতে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ কথা ঘোষণা  কৰে।

তাৰ পাছতেই মিত্ৰতাৰ স্বাৰ্থতে ৰাইজৰ দলে মৰিয়নী সমষ্টিটো এৰি দিয়াটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।

এই  সন্দৰ্ভত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনক আমাৰ সাংবাদিক কল্পজ্যোতি শইকীয়াই সোধাত তেওঁ থাওৰা সমষ্টিটো ৰাইজৰ দলক লাগিবই বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় ‘মিত্ৰতাৰ স্বাৰ্থত প্ৰয়োজন হ’লে মৰিয়নী সমষ্টিটো এৰি দিম। আমি ঘোষণা কৰা থাওৰা সমষ্টিক বাদ কৰি বেলেগত দিলে অসুবিধা হ’ব। কোনোপধ্যে আমি থাওৰা সমষ্টি এৰি নিদিওঁ।‘

কিন্তু কংগ্ৰেছ দলে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিয়ে নে নাই সেয়া বৰ্তমানো নিশ্চিত হোৱা নাই।

সুত্ৰ থাওৰা সমষ্টিৰ কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ পেনেল ইতিমধ্যে কংগ্ৰেছৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে কংগ্ৰেছে। তাৰ ভিতৰত মনোৰঞ্জন কোঁৱৰ আৰু অজয় গগৈ টিকটৰ প্ৰবল দাবীদাৰ বুলি সূত্ৰত প্ৰকাশ পাইছে।

ইফালে ৰাইজৰ দলৰ হৈ প্ৰচাৰ তুংগত উঠাইছে ধৈয্য কোঁৱৰে। যদিহে জনপ্ৰিয়তাৰ দিশৰ পৰা চালি জাৰি চাই প্ৰদেশ কংগ্ৰেছে সমষ্টিটো ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক এৰি দিয়ে তথা এটা সমষ্টিৰ অংকটোত কংগ্ৰেছে স্থিতি বাহাল ৰাখে তেন্তে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ টিকট কৰ্তন হোৱাটো একেবাৰে নিশ্চিত।