শংকৰ সংঘৰ অধিৱেশন; সাজু কাজিৰঙা সমন্বয় ক্ষেত্র, উপস্থিত থাকিব সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব

বোকাখাত মহকুমাৰ কমাৰগাঁওৰ দিহিঙীয়া মহুৰা পথাৰত অহা ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ বাবে সাজু হৈছে বোকাখাতবাসী।

কমাৰগাঁওৰ দিহিউীয়া মহুৰাপথাৰত অনুষ্ঠিত হ’বলগা এই অধিৱেশন থলীক কাজিৰঙা সমন্বয় ক্ষেত্র হিচাপে নামাকৰণ কৰা হৈছে। হাজাৰ হাজাৰ ভক্তই অধিৱেশন থলীত শ্ৰমদান কৰি নির্মাণ কৰিছে শিৱিৰ, ভোজনালয় নামঘৰ।

ইয়াৰ মাজতে মুছলমান ধৰ্মৰ বহু লোকেও শ্রমদানৰ লগতে বিভিন্ন কামত নিয়োজিত হৈ সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে। অধিৱেশনৰ মূল ভাগৱত ভ্ৰমণৰ বাবে সংঘই কেবা লক্ষাধিক টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বাহনখনৰ সমুদায় ব্যয় বহন কৰিবলৈ আগবাঢ়ি আহিছে ৰাজুমণি হোছেইন।

অসমৰ সম্প্ৰতিক পৰিস্থিতিত অধিৱেশনৰ কাম-কাজৰ লগতে পুঁজি সংগ্রহকে ধৰি বিভিন্ন ক্ষেত্রত বহু অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে আদৰণি সমিতি।

ইয়াৰ মাজতে আদৰণি সমিতি আৰু ৩৫খন উপ সমিতিৰ প্ৰচেষ্টাত অসমৰ ভিন্ন প্রান্তৰ পৰা আহিব লগা অতিথিৰ বাবে প্রস্তুত হৈ উঠিছে ২১৫ টা শিৱিৰ, ১২ হেজাৰ ভক্ত-বৈষ্ণৱ একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰাকৈ বৃহৎ ভোজনালয় আৰু অধিৱেশনস্থলীলৈ আহিবলগীয়া সেৱা বাহিনীৰ বাবে নিৰ্মান কৰা বৃহৎ শিৱিৰ।

৭ ফেব্রুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্বত হ’ব লগা মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথিৰূপে অংশগ্রহণ কৰাৰ উপৰিও মন্ত্রী হিমন্ত বিশ্ব শর্মা, চন্দ্ৰ মোহন পাটোৱাৰী আৰু কেশৱ মহন্তই সন্মানীয় অতিথিৰূপে আশগ্রহণ কৰিব।

অধিৱেশনত সমৱেত হ’ব লগা প্রায় ৩৫ লক্ষাধিক ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে বোকাখাতৰ বিধায়ক তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অতুল বৰাৰ নেতৃত্বত বোকাখাত মহকুমাৰ মৰিয়াহোলাত ২৫০ বিঘা মাটিত কৰা জৈৱিক শাক-পাচলিৰ খেতিও ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে ৷

ইতিমধ্যে প্রায় ২০ লক্ষাধিক টকা মূল্যৰ জৈৱিক শাক-পাছলি যোগান ধৰাৰ বাবে কৃষি বিভাগে আয়োজক সমিতিক নিশ্চয়তা প্রদান কৰিছে। একেদৰে অধিৱেশনৰ আদৰণি সমিতিয়ে সেৱা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ বালি চাপৰিৰ ৫০ বিঘা ভূমিত কৰা জৈৱিক শাক-পাচলিও অতিথি আপ্যায়নত ব্যৱহৃত হ’ব বুলি আদৰণি সমিতিৰ প্ৰধান সম্পাদক চন্দ্র কান্ত ভূঞাই জানিবলৈ দিছে।

শংকৰদেৱ সংঘৰ কমাৰগাঁও অধিৱেশনত দেশী-বিদেশী পর্যটক আকর্ষণ কৰিব পৰাকৈ অধিৱেশনস্থলীৰ সমীপৰ ৩৭ নং ৰাষ্ট্রীয় পথৰ দাঁতিৰ কেইবা কিলােমিটাৰ এলেকাত গুৰুজনাৰ বাণী আৰু বিভিন্ন সাংস্কৃতিক প্রতীক অংকনৰ ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। লগতে দেশী-বিদেশী পর্যটক থাকিব পৰাকৈ অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে বিশেষ শিৱিৰো ৷