NORTHEAST NOW (Assamese)

পুনৰ বিতৰ্কত শংকৰ সংঘ! তোলনী বিয়াত মাছ-মাংস খুৱাই বহিষ্কৃত হ’ল এটা পৰিয়াল

February 22, 2025 3:55 pm · এন ই নাও নিউজ, গুৱাহাটী

বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। বিতৰ্কৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিও পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। যোৰহাটত আমিষ খাদ্যৰে কন্যাৰ পুষ্পিতা অনুষ্ঠানত অতিথিক আপ্যায়ন কৰাৰ বাবে এইবাৰ সংঘৰ পৰা এবছৰৰ বাবে বহিষ্কৃত কৰা হ এটা পৰিয়াল যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

আত্মীয় তথা বন্ধুবৰ্গক যোৰহাট নগৰত থকা ঘৰত আমিষ খাদ্যৰে আপ্যায়ন কৰা বাবেই সংঘৰ পৰা বহিষ্কাৰ হল গৌতম বৰুৱাৰ পৰিয়ালক। গৌতম বৰুৱা নামৰ লোকজনৰ পৰিয়ালটোৰ ঘৰত এবছৰলৈ ধৰ্মীয় অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই।

উল্লেখ্য যে, ৰংদৈৰ গাঁৱৰ ঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মমতে কন্যাৰ পুষ্পিতা অনুষ্ঠান শেষ কৰি যোৰহাট নগৰত থকা ঘৰলৈ আহি গৌতম বৰুৱাই বন্ধুবৰ্গ তথা আত্মীয় স্বজনৰ বাবে আমিষ আহাৰেৰে আয়োজন কৰিছিল এটা অনুষ্ঠান। অৱশ্যে নাতিনীৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নাছিল গৌতম বৰুৱাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ। কিন্তু তাৰ পাছতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাৰ ৰোষ পৰে গৌতম বৰুৱাৰ পৰিয়াল। আমিষ খাদ্যৰে আপ্যায়ন কৰাৰ অপৰাধত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে ইয়াৰ সমাধান বিচাৰি পৰিয়ালটোৱে সংঘৰ প্ৰাথমিক, আঞ্চলিক আৰু জিলাৰ বিষয়ববীয়ালৈ পত্ৰ প্ৰেৰণ কৰিও উত্তৰ পোৱা নাই। যাৰ বাবে এতিয়া আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে গৌতম বৰুৱাৰ পৰিয়ালে। ধৰ্মপ্ৰাণ বৃদ্ধা মাতৃৰ ওপৰত সংঘই গ্ৰহণ কৰা এনে অবাঞ্ছিত সিদ্ধান্তত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটি। বৰ্তমান গৌতম বৰুৱাৰ মাতৃক চিকিৎসা কৰি থকা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে সিদ্ধান্তক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

Related News