NORTHEAST NOW (Assamese)

এন আৰ চি আৰু ‘ডি’ ভোটাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

July 14, 2019 5:49 pm · পুলেন্দ্ৰ দাস

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আজি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাচ নকবিকে সাক্ষাৎ কৰে।

তেওঁলোকৰ মন্ত্ৰী গৰাকীক লগ ধৰাৰ উদ্দেশ্যে আছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি আৰু ‘ডি’ ভোটাৰৰ লগতে অসমৰ সংখ্যালঘু লোক সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে তেওঁক অৱগত কৰোৱা।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজ, সাধাৰণ সম্পাদকত্ৰয় মহম্মদ আলী খলিফা, মোৱাজ্জেম হুছেইন আৰু শ্বেখ আব্দুল হামিদৰ নেতৃত্বত যোৱা সজাতি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অসমত চলি থকা এন আৰ চি আৰু “ডি” ভোটাৰ সংক্ৰান্তত দেখা দিয়া আসোঁৱাহ সন্দৰ্ভত ১৪২ পৃষ্ঠাজোৰা তথ্য প্ৰমাণ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকক গোটেই সমস্যাসমূহ যথা সম্ভৱ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বুলি দলটোৱে জানিবলৈ দিছে।

Related News