৮ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা ২০১৯ বৰ্ষৰ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ মেচত বৃহস্পতিবাৰে অসমে শক্তিশালী মহাৰাষ্ট্ৰ দলক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মেচখনত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি প্ৰথমাৰ্ধতে মিলন বসুমতাৰীৰ সহায়ত ১-০ গ’লৰ অগ্ৰগতি ল’বলৈ সক্ষম হয় অসম। কিন্তু অসমে এই অগ্ৰগতি বৰ্তাই ৰাখিবলৈ সক্ষম নহ’ল দ্বিতীয়াৰ্ধত।
দ্বিতীয়াৰ্ধৰ কিছু সময় প্ৰতিপক্ষ দল মহাৰাষ্ট্ৰই অধিক আক্ৰমণাত্মক খেল খেলে আৰু অসমক উপৰ্যপুৰি দুটাকৈ গ’ল দিয়ে। যাৰ ফলত কিছু সময়ৰ বাবে ১-২ গ’লৰ ব্যৱধানত পিছ পৰি ৰয় অসম।
কিন্তু ইয়াৰ পিছতে মেচখনে লয় নাটকীয় ৰূপ। বিজয়ৰ লক্ষ্যৰে খেলপথাৰত নমা অসমে বিপক্ষৰ শিবিৰত চলাই যায় এটাৰ পিছত আন এটা আক্ৰমণ। যাৰ ফলত অসমে সমতা স্থাপন কৰে আৰু তাৰ পিছত ‘ইনজুৰি টাইম’ৰ অন্তিম মিনিটত আৰু এটা গ’ল কৰি মেচখন ৩-২ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।
অতি ৰোমাঞ্চকৰ মেচখনত অসমৰ হৈ সমতাসূচক গ’লটো দিয়ে মিলনে আৰু অতিৰিক্ত সময়ত বিজয়সূচক গ’লটো প্ৰদান কৰে চিৰণদীপ মৰাণে।
উল্লেখ্য যে পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা মেচখনত অসমৰ ষ্ট্ৰাইকাৰ আক্ৰাং নাৰ্জাৰী আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিব লগীয়া হোৱাত ইয়াৰ সম্পূৰ্ণ সূযোগ গ্ৰহণ কৰি মহাৰাষ্ট্ৰ দলে সাময়িকভাৱে ২-১ ব্যৱধানৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল যদিও অসমে অন্তিম মূহুৰ্তত কলাত্মক খেলৰ প্ৰদৰ্শনেৰে মেচখনত জয়ী হ’বলৈ সক্ষম হয়।
অসমে প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আয়োজক পঞ্জাৱৰ বিপক্ষে পৰাস্ত হৈছিল।