NORTHEAST NOW (Assamese)

বলিউদ সংগীত জগতৰ পৰাও আত্মহত্যাৰ বাতৰি আহিব পাৰে; সুশান্তৰ মৃত্যুৰ পাছত চনু নিগমৰ বিস্ফোৰণ

June 19, 2020 7:03 pm · এন ই নাও নিউজ
Updated: June 19, 2020 7:08 pm
চনু নিগম, উৎস-ইণ্টাৰনেট

বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত বলিউদ সংগীত জগতৰ পৰাও আত্মহত্যাৰ বাতৰি আহিব পাৰে বুলি বিস্ফোৰক মন্তব্য কৰিছে জনপ্ৰিয় সংগীত শিল্পী চনু নিগমে।

”সুশান্তৰ মৃত্যু অতি বেদনাদায়ক কিন্তু বলিউদ সংগীত জগতৰ পৰাও এনেধৰণৰ দুখজনক খবৰ আহিব পাৰে,” চনু নিগমে কয়।

এটা ভিডিঅ’ বাৰ্তা যোগে সংগীত শিল্পী গৰাকীয়ে এইদৰে মন্তব্য কৰে।

বলিউদ সংগীত জগতত কিছু সংখ্যক বৃহৎ লবি আছে আৰু সেই লবিসমূহে বলিউদ সংগীত জগত নিয়ন্ত্ৰণ কৰে বুলি চনু নিগমে উল্লেখ কৰি সংগীত পৰিচালক, সুৰকাৰ সকলে সংগীত শিল্পীৰ সৈতে কাম কৰিবলৈ আগ্ৰহী হ’লেও মিউজিক কোম্পানী সমূহে বহু কণ্ঠশিল্পীক প্ৰতাৰিত কৰিছে বুলি কয়।

”মই বহু কম বয়সত মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো বাবে মই ওলাই গ’লো কিন্তু এতিয়াৰ যিসকল নতুন প্ৰজন্মই সংগীতৰ কেৰিয়াৰ গঢ়াৰ বাবে ওলাই আহিছে তেওঁলোক একধৰণৰ মানসিক অশান্তিত ভূগিছে,” চনু নিগমে কয়।

আনহাতে, বহু নতুন প্ৰজন্মৰ প্ৰতিভাৱান ল’ৰা-ছোৱালীয়ে চনু নিগমক লগ ধৰি এই সম্পৰ্কে চৰ্চা কৰে বুলিও তেওঁ লগতে কয়।

ভিডিঅ’ বাৰ্তাটোত সুশান্তৰ মৃত্যুত ভাৰতে এক প্ৰতিভাৱান যুৱ অভিনেতা হেৰুৱালে বুলি চনু নিগমে উল্লেখ কৰাৰ লগতে লাডাখত চহিদ হোৱা ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related News