• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰেপ্তাৰৰ ভয়ত পেঁপুৱা লাগিল গৰ্গ চেতাৰ্জী; ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 19, 2020 6:49 pm

2 min read

গ্ৰেপ্তাৰৰ ভয়ত পেঁপুৱা লাগিল গৰ্গ চেতাৰ্জী; ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা
19.3k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পেঁপুৱা লাগিছে পশ্চিম বংগৰ বিতৰ্কিত তথা তথাকথিত বুদ্ধিজীৱি গৰ্গ চেতাৰ্জী।

টুইটাৰত বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দি এতিয়া আকৌ অসমৰ বাঙালী আৰু অসমীয়াৰ মাজত থকা সাতামপুৰুষীয়া বান্ধোন ভাঙিবলৈ উঠি-পৰি লাগিছে গৰ্গ চেতাৰ্জী।

অলপ আগতে দিয়া এটা ফে’চবুক প’ষ্টত তেওঁ কয়, ‘বাঙালীৰ পক্ষে কথা কোৱাৰ বাবে বাঙালীৰ শত্ৰু অসমৰ বিজেপি চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।‘

ইয়াৰ পূৰ্বে আহোম সম্প্ৰদায় আৰু অসম চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি দিয়া এটা টুইটত তেওঁ কৈছিল, ‘ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।’

মুখ্য মন্ত্ৰী সোণোৱালক উদ্দেশ্যি দিয়া দ্বিতীয় টুইটত কয়, ‘কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’’

এই দুটা টুইট দৃষ্টিগোচৰ হোৱাৰ পাছতে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক কলকাতাৰ পৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ নিৰ্দেশ দিছিল।

কিন্তু অসমীয়াক শত্ৰুজ্ঞান কৰি প্ৰকাৰন্তে সমালোচনাৰ লক্ষ্য কৰি অহা গৰ্গই এইবাৰ ইয়াক সাম্প্ৰদায়িক ৰূপ দিবলৈ উঠি-পৰি লাগিল।

গ্ৰেপ্তাৰৰ নিৰ্দেশৰ পিছতে ফেইচবুকত দিয়া পোষ্টত অসমৰ বিজেপি চৰকাৰক বাঙালীৰ শত্ৰু আখ্যা দিয়াৰ উপৰিও গৰ্গৰ কাষত থিয় হ’বলৈ ভাৰতৰ সকলো বাঙালী লোকক আহ্বান জনায়।

যি কথাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে থকা একতাৰ এনাজৰীডাল কিছু পৰিমাণে হ’লেও ঢিলা হৈ পৰিব।

তেওঁৰ এই মন্তব্যৰ পাছত ৰাজ্যৰ বিজেপি চৰকাৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd