ৰিয়া চক্ৰৱৰ্তীৰ পাছত এইবাৰ ছাৰা আলী খান; এন চি বিৰ নজৰত তিনি অভিনেত্ৰী

sara_571_855

অভিনেত্ৰী ছাৰা আলী খান।

নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰো (এন চি বি)ৰ নজৰত পৰিছে এইবাৰ অভিনেত্ৰী ছাৰা আলী খান। ছাৰাৰ উপৰি আন দুগৰাকী অভিনেত্ৰী ৰকুল প্ৰীত আৰু চিমন খামবাট্টাও এন চি বিৰ নজৰলৈ আহিছে।

বাতৰি অনুসৰি, এন চি বিৰ জেৰাৰ সময়ত ৰিয়া চক্ৰৱৰ্তীয়ে এই তিনিগৰাকী অভিনেত্ৰীৰ নাম প্ৰকাশ কৰিছিল।

ৰিয়াই এন চি বিক জানিবলৈ দিয়ে যে ছাৰাকে ধৰি আন দুগৰাকী অভিনেত্ৰীয়ে ড্ৰাগছ লৈছিল।

বিশ পৃষ্ঠাৰ জবানবন্দীত ৰিয়াই বিশেষভাৱে এই তিনিগৰাকী অভিনেত্ৰীৰ নাম লৈছিল।

আনহাতে, এই সন্দৰ্ভত বলীউদৰ আন কেইবাগৰাকীও অভিনেতাৰ নামো পোহৰলৈ আহিছে। মুকেশ ছাব্ৰা, ৰোহিনী লায়ৰকে ধৰি বহুকেইগৰাকী বৰ্তমান এন চি বিৰ নজৰত আছে।

পৰৱৰ্তী কেইদিনমানত বলীউদৰ এই অভিনেতাসকলক পৰ্যায়ক্ৰমে জেৰাৰ বাবে এন চি বিয়ে মাতিব বুলি জানিব পৰা গৈছে।

বাতৰি মতে, এন চি বিৰ দুগৰাকী উচ্চ পদস্থ বিষয়া কে পি এছ মালহোত্ৰা আৰু ডি জি আস্থানা বৈঠকত মিলিত হৈছে।

বলীউদৰ এই ব্যক্তিসকললৈ জাননী জাৰি কৰাৰ পূৰ্বে এন চি বিৰ বিষয়াসকলে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিব বিচাৰিছে।

অৱশ্যে, এন চি বিৰ জেৰাত ৰিয়াই বলীউদৰ অভিনেতাৰ উপৰি আৰু কোন কোন পৰিচালক, প্ৰযোজকৰ নাম লৈছে সেয়া জানিব পৰা হোৱা নাই।