• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অসমত “কেব”ৰ প্ৰয়োজনীয়তা নাই”, “কেব”ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰেৰে সাৰা অসম বাঙালী ঐক্য মঞ্চ

এইখন “কেব” নে “কাব”? নে চাহখোৱা “কাপ”? নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সাৰা অসম বাঙালী ঐক্য মঞ্চৰ প্ৰশ্ন চৰকাৰক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 19, 2019 10:07 pm
Sara Asom Bangali Oikyo Moncho press meet

দিচপুৰ প্ৰেছক্লাবত সাৰা অসম বাঙালী ঐক্য মঞ্চৰ সংবাদমেল। ১৯ অক্টোবৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতিৰ সাৰশূন্যতাত মোহভংগ ঘটা অসমৰ বাঙালী লোকসকলৰ সংগঠন সাৰা অসম বাঙালী ঐক্য মঞ্চই আজি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে।

অবৈধ হিন্দু বাঙালীক ভাৰতৰ নাগৰিকত্ব দিবলৈ বুলি বিজেপিয়ে হাতত লোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰয়োজনীয়তা আৰু কাৰ্য্যকাৰিতা সম্পৰ্কেও প্ৰশ্ন তোলে সংগঠনটোৱে। “কেব আহিলে হিন্দু বাঙালীৰ অসুবিধা নাইকিয়া হ’ব বুলি চৰকাৰে কৈ আছে। আমি স্পষ্টকৈ জানিব বিচাৰিছো এই কেবখন প্ৰকৃততে কি? “কেব”খন “কাব” নে চাহ খোৱা “কাপ” এতিয়ালৈকে আমি বুজি পোৱা নাই।”

Apply Now

কেবৰ জৰিয়তে অসমৰ হিন্দু বাঙালীক বদনামী নকৰিবলৈও বিজেপি আৰু চৰকাৰক আহ্বান সংগঠনটোৰ।

“আমি স্বাধীনতাৰ পূৰ্বৰ পৰা অসমত আছো। ১৯১৮ চনৰ নথি-পত্ৰও আছে”, আজি গুৱাহাটী প্ৰেছ ক্লাবত দিয়া সংবাদমেলত সংগঠনটোৰ উপ-সভাপতি পিণ্টু সৰকাৰে কয়।

এইখন কেব আনি প্ৰকৃত হিন্দু বাঙালীক যাতে বাংলাদেশী নসজায় তাৰ বাবে চৰকাৰক সকীয়াই দি নেতাজনে কয়, “কেব আনি হিন্দু বাঙালীক সংস্থাপন দিব বুলি কৈছে। আমাক নতুনকৈ কি সংস্থাপন দিব? আমি ১৯১৮ চনৰে মানুহ। আমি কেৱল অসমৰে নহয়, অখণ্ড ভাৰতৰ স্থায়ী বাসিন্দা।”

কেব সম্পৰ্কে স্পষ্টীকৰণ নিদিলে ব্যাপক গণ আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৰ উপ সভাপতিগৰাকীয়ে।

তেওঁ কয়, “কেবৰ জৰিয়তে আমাক কি ৰক্ষাকৱচ দিব সেইটো স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনাইছো। অন্যথা কেবৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিম।”

তেওঁ আৰু কয়, “এন আৰ চিৰ আৰম্ভণিৰে পৰা কোৱা হৈছিল ১৯৭১ চনৰ আগৰ নথি-পত্ৰ জমা দিলেই ভাৰতীয় নাগৰিক হ’ব। কিন্তু এতিয়া ১৯৭১ বাদেই ১৯১৮ চনৰ নথি থকাৰ পাছতো বহু লোকক ডিটেনশ্যন কেম্পত ভৰাই থৈছে তথা এন আৰ চিৰ পৰা নাম কাটি থৈ দিছে।”

হিন্দু বাঙালীৰ ওপৰত অ-মানৱীয় অত্যাচাৰ চলাই গ’লে এসময়ত পৰিস্থিতি ভয়ানক হ’ব পাৰে বুলি ইংগিত দি তেওঁ হুমকি দি কয়, “যেনেদৰে আমি মিলি-জুলি এদিন চৰকাৰ বনাইছিলো, ঠিক তেনেকৈ সকলো মিলি চৰকাৰ ভাঙিবলৈয়ো বেছি সময় নালাগিব।”

সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়ে বৰ্তমানৰ প্ৰেক্ষাপটত অসমত কেবৰ একেবাৰে প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰে।

“অতি স্পষ্ট কথা বৰ্তমান সময়ত অসমত কেবৰ কোনো প্ৰয়োজনীয়তা নাই। ইয়াত থকা হিন্দু বাঙালীসকল প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে তেওঁলোকে এনআৰচিত আবেদন কৰিছে। এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ কোনোবাৰ বাপেকৰ নাম এনআৰচিত সোমাইছে যদিও পুতেকৰ নাম বাদ পৰিছে। সেয়েহে আমি অনুভৱ কৰিছো কেবৰ কোনো প্ৰয়োজনীয়তা অসমত নাই।”, মুখাৰ্জীৰ মন্তব্য।

মুখাৰ্জীয়ে হিন্দু বাঙালীসকলৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ অভিযোগ কৰি কয়, যোৱা ১৩ অক্টোবৰত দুলাল পাল নামৰ লোকজন জি এম চি এইচ্ছত ঢুকাল। তেওঁৰ মৃতদেহৰ সৎকাৰৰ কোনা ব্যৱস্থা নহ’ল। ১৪ অক্টোবৰত সেইজন ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।

মুখাৰ্জীৰ চৰকাৰলৈ প্ৰশ্ন, “যিগৰাকী ব্যক্তি ডায়েবেটিছ আৰু কিডনিৰ বেমাৰৰ বাবে ১৪-১৫ দিন জি এম চি এইচ্ছত চিকিৎসাধীন হৈ আছিল সেইগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? মৰণোত্তৰ পৰীক্ষা সাধাৰণতে কাৰ কৰা হয়?”

ঘটনাটোত ৰহস্যৰ গোন্ধ বিচাৰি পোৱা বুলি জানিবলৈ দি মুখাৰ্জীয়ে ইয়াক মানৱতাৰ হত্যা আখ্যা দিয়ে।

এয়া মানৱতাৰ হত্যা। ডিটেনশ্যন কেম্পৰ পৰা জি এম চি এইচ্ছলৈ চিকিৎসা কৰিবলৈ অনা ৰোগীক সাক্ষাৎ কৰিবলৈ আত্মীয়-স্বজন, সংগঠনৰ সদস্য দূৰৰে কথা, সাংবাদিককো অনুমতি নিদিয়ে। এজন দাগী অপৰাধী আচামীকো আত্মীয় গ’লে সাক্ষাৎ কৰিবলৈ দিয়া হয়।”, মুখাৰ্জীয়ে কয়।

তেওঁ ডিটেনশ্যন কেম্পৰ বন্দী হৈ মৃত্যুক সাৱটি লোৱা দুলাল পালৰ ১৯৬৫ চনৰ মাটি ক্ৰয় কৰা নথি আছিল বুলি দাবী কৰে।

ডিটেনশ্যন কেম্পত থকা ৯৯.৫ শতাংশ হিন্দু বাঙালীয়েই প্ৰকৃত ভাৰতীয় বুলি দাবী সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীৰ।

আনহাতে, এই চৰকাৰৰ গৃহ মন্ত্ৰী তথা গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি দাবী কৰি তেওঁ গৃহ মন্ত্ৰীৰ দায়িত্বৰ পৰা সৰ্বানন্দ সোণোৱালক অব্যাহতি ল’বলৈ দাবী উত্থাপন কৰে।

এই চৰকাৰৰ দিনত হিন্দু বাঙালীসকলে পূৰ্বৰ চৰকাৰৰ দিনতকৈ বেছি কষ্ট পাইছে বুলি দাবী মুখাৰ্জীৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd