• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বানন্দ নে হিমন্ত? মুখ্যমন্ত্ৰী হিচাবে কাক বিচাৰে ৰাজ্যবাসীয়ে? সমীক্ষাই কি কয় চাওঁ আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 8:54 pm
Sarbananda-Sonowal-and-Himanta-Biswa-Sarma-750x375
833
VIEWS
Share on FacebookShare on Twitter

অসমত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ৭ দিনৰ পিছতো আজিলৈকে গঠন হোৱা নাই নতুন চৰকাৰ।

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৭৫ খনকৈ আসন লাভ কৰাৰ পিছতো ৰাজ্যত বিজেপি শাসিত চৰকাৰ এখন গঠন কৰিব পৰা নাই গেৰুৱা দলটোৱে।

ইয়াৰ প্ৰধান কাৰণেই হৈছে মুখ্যমন্ত্ৰীৰ পদকলৈ দলটোৰ ভিতৰত সৃষ্টি হোৱা টনা-আঁজোৰা। এপিনে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো একে শাৰীতে আছে।

সেইবাবেই আজি দিল্লীলৈ দুয়োগৰাকী নেতাকে মতাই নিবলগীয়া হ’ল বিজেপিৰ শীৰ্ষ নেতৃত্বই।তিনি লানি আলোচনাৰ পিছতো পিছে আজি নোলাল সমস্যাটোৰ সমাধান সূত্ৰ।

এনে সময়তে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে ৰাজ্যবাসীয়ে কাক কিমান পছন্দ কৰে সেই বিষয়ত দেশৰ প্ৰখ্যাত সমীক্ষা প্ৰতিষ্ঠান Lokniti-CSDS-এ এটা সমীক্ষা প্ৰকাশ কৰিছে।

Lokniti-CSDS ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যৰ বেছি সংখ্যক লোকেই মুখ্যমন্ত্ৰী হিচাবে সৰ্বানন্দ সোণোৱালকে বিচাৰে। অৱশ্যে জনপ্ৰিয়তাৰ দিশৰ পৰা ২০১৬ চনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যি ব্যৱধান আছিল সেই ব্যৱধান বৰ্তমান লক্ষ্যণীয় ভাবে হ্ৰাস পাইছে।

সমীক্ষা অনুসৰি চাৰিজন লোকৰ ভিতৰত এজনে (২৩ শতাংশ) সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰে। আনহাতে ১১ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীত বহাটো বিচাৰে। Lokniti-CSDS –এ ২০১৬ চনত প্ৰকাশ কৰা সমীক্ষাত ৩০ শতাংশ লোকে সৰ্বানন্দ সোণোৱালক আৰু মাত্ৰ ৪ শতাংশ লোকেহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাবে বিচাৰিছিল।

এইবাৰ দুয়োগৰাকী নেতাৰ মাজত জনপ্ৰিয়তাৰ ব্যৱধান ১২ শতাংশ হ্ৰাস পাইছে।সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি নামনি অসমৰ ১৬ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাবে বিচাৰে।

একেদৰে ১৯ শতাংশ লোকে সৰ্বানন্দ সোণোৱালক মুখ্য   মন্ত্ৰী হিচাবে পাব বিচাৰে।উজনি অসমত ২৮ শতাংশ লোকে সোণোৱালক আৰু ৬ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাবে পাব বিচাৰে।

Lokniti-CSDSৰ সমীক্ষা মতে বৰাক উপত্যকাৰ ২২ শতাংশই সোণোৱালক আৰু ৯ শতাংশই হিমন্ত বিশ্বক মুখ্যমন্ত্ৰীৰ ৰূপত পাব বিচাৰে।

অৱশ্যে সকলো কথা  নিৰ্ভৰ কৰিব কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিজেপি বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্তৰ ওপৰত। এতিয়া কেৱল মাত্ৰ অপেক্ষা।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd