এআইএডিএমকেত জোকাৰণি: পুনৰ দলত খোপনি পুতিব শশীকলাই!

দক্ষিণ ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এআইএডিএমকেত পুনৰ অন্তৰ্ভূক্ত কৰা হ’ব শশীকলাক।

দলটোৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক ভি কে শশীকলাৰ দলত পুনৰ প্ৰৱেশ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে।
শশীকলাক পুনৰ দলত অন্তৰ্ভূক্তিৰ বিষয়টো সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ এআইএডিএমকেৰ মুখ্য সমন্বয়ক অ’ পন্নীৰচেলভম আৰু সমন্বয়ক এডাপ্পাডি কে পালানিস্বামীয়ে শীঘ্ৰেই বৈঠকত মিলিত হ’ব। 

শেহতীয়াকৈ দলটোৰ থেনি জিলা সমিতিয়ে শশীকলা আৰু তেওঁৰ ভতিজা এএমএমকেৰ অধ্যক্ষ টি.টি.ভি. দিনাকৰণক এআইএডিএমকেত পুনৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়ত এক এপ্ৰস্তাৱ গৃহীত কৰিছে।

পন্নীৰচেলভমৰ ফাৰ্মহাউচত অনুষ্ঠিত হোৱা বৈঠকখন দলৰ থেনি জিলা সম্পাদক চৈয়দ খানৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। দলীয় সূত্ৰই প্ৰকাশ কৰা শশীকলাক পুনৰ দলত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱটো দলৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হ’ব।

অৱশ্যে পালানিস্বামী শিবিৰে শশীকলাক দলত পুনৰ প্ৰৱেশ কৰাৰ বিৰোধিতা কৰি আহিছে। ইয়াকেলৈ দলটোৰ মাজত পুনৰ বিসম্বাদে মূৰ দাঙি উঠাৰ আশংকা কৰা হৈছে।

প্ৰয়াত মুখ্যমন্ত্ৰী জে. জয়ললিতাৰ অতি ঘনিষ্ঠ শশীকলাৰ পুনৰ দলত অন্তৰ্ভূক্তিৰ বিৰুদ্ধে এতিয়া দলৰে বহু নেতাই মুকলিকৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।

উল্লেখ্য তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক ৪ বছৰৰ পিছত ২০২১ চনৰ ২৭ জানুৱাৰীত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।

উল্লেখ্য যে ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জয়াললিতাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত শশীকলাৰ বিৰুদ্ধে জয়াললিতাৰ মৃত্যুৰ ক্ষেত্ৰতো হাত আছে বুলি অভিযোগ উত্থাপন হৈছিল।

এআইডিএমকে দলৰ সময়ৰ একচ্ছত্ৰী সম্ৰাজ্ঞী শশীকলাই পূৰ্বৰ দৰে দলত খোপনি পুতিবলৈ পালে দলটোৰ আন বহু প্ৰভাৱশালী নেতা প্ৰভাৱহীন হৈ পৰাৰ সম্ভাৱনাই অধিক।