প্ৰকৃতি আৰু জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত শিৱসাগৰত ছাত্ৰ-মুক্তিৰ প্ৰতিবাদ

লকডাউনৰ মাজতেই অসমৰ আঠখন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতোৱা,  দিহিং পাটকাই অভয়াৰণ্যত কলয়াৰ মুক্ত খননৰ অনুমতি দিয়াকে ধৰি চৰকাৰে লোৱা বিভিন্ন হতকাৰী  সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিস্থিত ছাত্ৰ মুক্তিৰ কাৰ্যলয়ৰ সন্মুখত শনিবাৰে সামাজিক দূৰত্ব বৰ্তাই হাতে হাতে দিহিং পাটকাই বৰ্ষাৰণ্যৰ বনাঞ্চলত মুক্ত খননৰ সিদ্ধান্ত বাতিল কৰক, ৮খন তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰনৰ সিদ্ধান্ত বাতিল কৰক, লেখাপানী বনাঞ্চল ধ্বংস কৰা বন্ধ কৰক আদি প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত সংঠনটোৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই কয়, ‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰে অসমৰ হৃদপিণ্ড স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত খনিজ পদাৰ্থ খনন,  গছ কাটি দিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ, ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কৰণৰ জৰিয়তে অসমখন ভৱিষ্যতে মৰুভূমিত পৰিণত কৰাৰ কৌশল ৰচিছে।‘

সৰ্বানন্দ সোণোৱালক অসমৰ এজন মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী বুলি আখ্যা দি তেওঁ লগতে কয় যে লকডাউনৰ মাজত কৌশলেৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা এই  সিদ্ধান্তসমূহে অসম তথা উত্তৰ-পূবক ভয়ংকৰ ক্ষতি কৰিব।

অসমৰ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তসমূহ বাতিল কৰিবলৈ দাবী জনাই নেতাজনে ইয়াৰ অন্যথা অনাগত দিনত ছাত্ৰ মুক্তিয়ে ৰাইজক একত্ৰিত কৰি তীব্র আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক সীমান্ত গগৈ, বৰাহী বাৰী আঞ্চলিকৰ যুটীয়া সম্পাদক জ্ঞানন গগৈ, দেৱৰাজ তামুলী, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তাজউদ্দিন আহমেদ, টাই আহোম যুৱ পৰিষদৰ পবিত্র গগৈ উপস্থিত থাকে