মাজুলীৰ গীৰ্জা আক্রমণ; আদালতত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী

মাজুলীত গীৰ্জা ভঙাত আগভাগ লৈ আদালতৰ ৰোষত পৰা দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী আজি মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয়।

উল্লেখযোগ্য যে ২০১৮ চনৰ ১৫ অক্টোবৰত সত্ৰাধিকাৰজনৰ নেতৃত্বত এটা দলে এটা গীৰ্জা আক্ৰমণ কৰি ভাঙি দিছিল, ইয়াৰ পিছতে খ্ৰীষ্টানধৰ্মী প্ৰশান্ত পায়েং নামৰ এজন লোকে সত্ৰাধিকাৰজনৰ বিৰুদ্ধে গোচৰ তৰিছিল।

গোচৰৰ প্ৰথম দিনা আদালতত উপস্থিত থাকিব নোৱাৰা সত্ৰাধিকাৰ গৰাকীয়ে আজি আদালতত উপস্থিত হৈ এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে। তেওঁৰ মতে ‘সনাতন হিন্দু সংস্কৃতিৰ সেৱকসকল মহা বিপৰ্য্যয়ৰ সন্মুখীন হব লগা পৰিস্থিতিৰ উদ্ভব হৈছে’।

তেওঁ ‘সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান, শংকৰ-মাধৱৰ মিলনভূমি মাজুলীত শেহতীয়াকৈ খ্ৰীষ্টানৰ আগ্ৰাসনক’ দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

আনহাতে য়ুনাইটেড খ্ৰীষ্টান ফ’ৰাম, মাজুলীৰ সম্পাদক পদ্ম পেগুয়ে পূৰ্বে কোৱা মতে মিচিং জনগোষ্ঠীৰ লোকক হেয় জ্ঞান কৰিয়েই সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত এটা দলে মিচিং গাঁৱত অনাধিকাৰ প্ৰৱেশ কৰি এইদৰে অতৰ্কিতে আক্ৰমণ কৰি গীৰ্জা ভাঙি দিছিল।

গোস্বামীৰ বিৰুদ্ধে মাজুলী মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ২৯৫, ২৯৮, ২৯৪, ৪২৭, ৫০৬/৩৪ চি,আৰ ডব্লিউ ৩৫৭ ধাৰাত এটা গোচৰ পঞ্জীয়ন (৩৫/২০১৯ নম্বৰত) হৈছিল।

ধৰ্মীয় অসহিষ্ণুতাৰ নিদৰ্শনেৰে গীৰ্জা আক্ৰমণ কৰি এজন সত্ৰাধিকাৰ এইদৰে আইনৰ ৰোষত পৰা ঘটনাই মাজুলীৰ উপৰি ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মহলত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে আৰ এছ এছৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা জনাৰ্দন গোস্বামী হিন্দু ৰক্ষা সেনা, অসমৰো প্ৰভাৰী।