NORTHEAST NOW (Assamese)

হঠাৎ সুৰ সলনি কৰি সত্যৰঞ্জনে থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত!

March 13, 2021 8:29 pm · জাহ্নৱী বৰুৱা

হঠাৎ সুৰ সলনি কৰি বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত।

এক সংবাদমেল সম্বোধন কৰি বদৰুদ্দিন আজমলক কোনো ৰাজনৈতিক দলে মুনাফা আদায়ৰ বাবে মেকিং ভিডিও ভাইৰেল কৰিছে বুলি দাবী কৰে সত্যৰঞ্জনে।

তেওঁ সংবাদমেলত কয় “কোনোৱাই যদি ৰাজনৈতিক মুনাফাৰ বাবে বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিব খুজিছে তেনেহলে এইবোৰ মানুহক মই চৰিত্ৰহীন বুলি কৈছোঁ।যদি  তেওঁক ৰাষ্ট্ৰদ্রোহী, দেশদ্ৰোহী সজাই নিজৰ ৰাজনৈতিক স্বাৰ্থ আদায় কৰিব খুজিছে তেনেহলে তেওঁলোকৰ দৰে চৰিত্ৰহীন কোনো নাই।”

ইপিনে, আজমল বা মুছলমান সমাজ কেৱল ৰাজনৈতিক সঁজুলি হৈ পৰিছে বুলি উল্লেখ কৰি সত্যৰঞ্জনে কয় “তেওঁক টাৰ্গেট কৰি ৰাজনৈতিক মুনাফা ল’ব খুজিছে।মই এইবোৰক ফটুৱামী বুলি কওঁ।এইবোৰ কৰি কাৰো লাভ নাই।”

“কোনোবাই কৈছে এইয়া সভ্যতাৰ যুজঁ, কিন্তু এনেবোৰ মিছা কথা কৈ কি সভ্যতাৰ যুজঁ কৰিব  সেয়া  জনা গৈছে।” হিমন্তক আক্ৰমণ কৰি সত্যই এইদৰে কয়।

আনহাতে শিলাদিত্য দেৱক বিজেপিয়ে টোপ দিছে বুলি দাবী কৰি তেওঁ কয় “যদি নিৰ্বাচনৰ পাছত তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি লয় তেতিয়া কি হ’ব? ক’বলৈ গলে শিলাদিত্য দেৱ কাৰোৱাৰ হাতৰ পুতলা হৈ আছে নেকি বাৰু?সমষ্টি জিকাৰ স্বাৰ্থত আৰু বাঙালী সম্প্ৰদায়ৰ ভোটৰ বাবে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে।”

“মোৰ এনে সন্দেহ হৈছে কাৰোৱাক ব্যক্তিগত ভাবে সন্তুষ্ট কৰি কোনোবা বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰী পতাৰ হে প্ৰতিযোগিতা চলিছে।” সত্যৰঞ্জনে সংবাদমেলত কয়।

Related News