DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত ন-বিজেপি অজন্তা নেওগৰ বাবে কিয় ফেক্টৰ হৈ পৰিছে ন-কংগ্ৰেছী বিতুপন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 8:09 pm
Ajanta Neog and Bitopan Saikia
10.9k
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যান্য সমষ্টিৰ লগতে গোলাঘাট বিধানসভা সমষ্টিটোত এতিয়া ৰাজ্যৰ বহুতৰে দৃষ্টি বিশেষ ভাবে নিৱদ্ধ হৈছে।

মুলতঃ কংগ্ৰেছৰ আধিপত্য থকা গোলাঘাট সমষ্টিত এইবাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ছবি এখন প্ৰকট হোৱাত জয়-পৰাজয়ৰ অংক অধিক জটিল হৈ পৰিছে।

অসমৰ এটা সন্মানীয় সমষ্টি গোলাঘাট সমষ্টিত ১৯৫১ চনৰে পৰা কংগ্ৰেছে বিশেষ আধিপত্য বিস্তাৰ কৰি আহিছে।

১৯৫১ চনত সমষ্টিটোত কংগ্ৰেছৰ ৰাজেন্দ্ৰ নাথ বৰুৱা বিজয়ী হোৱাৰ পিছৰে পৰা একাদিক্ৰমে ১৯৫৭,১৯৬২ চনৰ বিধানসভা নিৰ্বাচনতো সমষ্টিটো কংগ্ৰেছৰ হাতলৈয়ে গৈছিল।১৯৬২ চনৰ পিছত মাজতে দেশৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ বাবে সমষ্টিটো আন দলৰ দখললৈ গৈছিল যদিও ১৯৮৩ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ নগেন নেওগে পুনৰ সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।

অসম আন্দোলনৰ ভৰপক সময়ত সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী দেৱেশ্বৰ বৰাৰ দখললৈ গৈছিল যদিও ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ কংগ্ৰেছৰ নগেন নেওগ বিজয়ী হৈছিল।

ইয়াৰ পিছত এক অনাহুত পৰিস্থিতিত নগেন নেওগৰ মৃত্যু হোৱাৰ পিছত নেওগৰ পত্নী অজন্তা নেওগে গোলাঘাট সমষ্টিত একেৰাহে ২০০১,২০০৬,২০১১ আৰু ২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল।মুলতঃ কংগ্ৰেছৰ ঘাটি হিচাবে পৰিচিত সমষ্টিটোত অজন্তা নেওগৰ চাৰিবাৰকৈ বিজয়ৰ আঁৰত অনুকম্পামূলক কাৰক বিশেষ জৰিত থকা বুলি ক’ব নোৱাৰি।

কাৰণ সমষ্টিটোৰ চাহ বাগিচা অঞ্চলৰ বহু ভোটাৰৰ বাবে অজন্তা নেওগৰ সলনি কংগ্ৰেছৰ নামটোহে় বেছি চিনাকী।

কংগ্ৰেছৰ পৰা একেৰাহে চাৰিবাৰকৈ বিজয়ী হোৱা এজন্তা নেওগে এইবাৰ বিজেপিত যোগদান কৰিছে।একেদৰে বিতুপন শইকীয়াই বিজেপি এৰি যোদ দিছে কংগ্ৰেছত।

আনহাতে বিজেপিৰ পৰা টিকট নাপাই যোৱা নিৰ্বাচনত অজন্তা নেওগৰ হাতত পৰাজিত হোৱা বিজেপি নেতা বিতুপন শইকীয়াই যোগ দিছে কংগ্ৰেছত।

লক্ষ্যণীয় কথাটো হ’ল প্ৰাক্তন বিজেপি তথা ন-কংগ্ৰেছী বিতুপন শইকীয়াই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অজন্তা নেওগৰ হাতত পৰাজিত হৈছিল মাত্ৰ ৫,২১৩ টা ভোটত।

অজন্তা নেওগে লাভ কৰা ভোটৰ সংখ্যা আছিল ৭৩,৮৬২ টা।

আনহাতে সেই সময়ৰ বিজেপি প্ৰাৰ্থী বিতুপন শইকীয়াই লাভ কৰিছিল ৬৮,৬৪৯ টা ভোট।বিতুপন শইকীয়াৰ গণভিত্তিও যে গোলাঘাট সমষ্টিত মুঠেও কম নহয় সেই কথা ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰাই প্ৰকট হৈ পৰে।

কংগ্ৰেছত যোগদান কৰা বিতুপন শইকীয়াই এইবাৰ কংগ্ৰেছৰ স্থায়ী ভোট খিনি লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত। ইয়াৰ উপৰি তেওঁৰ শুভাকাংক্ষী তথা অনুৰাগীসকলৰ ভোট আছেই।

বিপৰীতে অজন্তা নেওগে বিজেপিলৈ অহা কথাটো গোলাঘাট বিজেপিৰে বহু নেতা-কৰ্মীয়ে অন্তৰেৰে মানি ল’ব পৰা নাই।

বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা বিতুপন শইকীয়াক কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিপুল আদৰণি জনোৱাৰ বিপৰীতে বিজেপিত যোগদান কৰা অজন্তাই পিছে বহু ঠাইত নিজৰ দলৰ কৰ্মীৰে প্ৰতিবাদৰ মুখামুখী হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত সেয়ে বিতুপন শইকীয়া অজন্তা নেওগৰ বাবে হৈ পৰিছে বৃহৎ ফেক্টৰ।

সমষ্টিটোত চাৰিবাৰৰ বিজয়ী বিধায়িকাগৰাকীৰ ভাগ্যৰ চকৰি কোন দিশে ঘূৰে সেয়া স্পষ্ট হ’ব ২ মে’ৰ দিনা।

এতিয়া অপেক্ষা মাত্ৰ সেই দিনটোলৈ।

Recent News

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd