পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

যোৱা কেইদিনমানৰ পৰা ভাৰতত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত চৌদি আৰবে তেওঁলোকৰ নাগৰিকসকলৰ বাবে ভাৰতলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে। কেৱল ভাৰতেই নহয় মুঠ ১৬ খন দেশলৈ ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ভাৰতৰ উপৰিও চৌদি আৰবে বৰ্তমান লেবানন, চিৰিয়া, তুৰস্ক, ইৰাণ, আফগানিস্তান, য়েমেন, চোমালিয়া, ইথিওপিয়া, কঙ্গো গণৰাজ্য, লিবিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম, আৰ্মেনিয়া, বেলাৰুছ আৰু ভেনিজুৱেলা ভ্ৰমণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

চৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এতিয়ালৈকে নতুনকৈ সংক্ৰমণ বিয়পি পৰা নাই। কিন্তু সমগ্ৰ বিশ্বৰ কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইপিনে, চৌদি আৰৱৰ প্ৰশাসনে জানিবলৈ দিয়া মতে এতিয়ালৈ দেশখনত কোনো মাঙ্কিপক্সত আক্ৰান্ত হোৱা নাই। দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পি পৰা মাঙ্কিপক্সে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

বিশ্ব স্বাস্থ্য সংস্থাই মাঙ্কিপক্সৰ সংক্ৰমণকলৈ সকলো দেশকে সতৰ্ক কৰি দিছে। এতিয়ালৈকে মুঠ ১৫ খন দেশত মাঙ্কিপক্স বিয়পি পৰাৰ তথ্য পোহৰলৈ আহিছে।