• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

২০২৫ বৰ্ষত বিশ্বৰ কোনখন দেশৰ পৰা কিমান ভাৰতীয়ক বিতাড়িত কৰা হৈছে? তালিকাৰ শীৰ্ষত কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2025 1:21 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষত বিশ্বৰ বিভিন্ন দেশৰ পৰা বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকক বিতাড়িত কৰা হৈছে। বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বছৰ মুঠ ৮১খন দেশৰ পৰা ২৪,৬০০ৰো অধিক ভাৰতীয়ক বিতাড়িত কৰা হৈছে। কিন্তু এই তালিকাৰ শীৰ্ষত আমেৰিকা নহয়, আছে চৌদি আৰব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি ২০২৫ বৰ্ষত চৌদি আৰবে ১১ হাজাৰতকৈ অধিক ভাৰতীয়ক বিতাড়িত কৰিছে। আনহাতে আমেৰিকাৰ পৰা প্ৰায় ৩৮০০ ভাৰতীয়ক বিতাড়িত কৰা হৈছে। এই সংখ্যা যোৱা পাঁচ বছৰৰ ভিতৰত সৰ্বাধিক বুলি কোৱা হৈছে।

Apply Now

আমেৰিকাৰ ক্ষেত্ৰত ৱাশ্বিংটন ডি চি আৰু হিউষ্টনৰ পৰা বিতাড়নৰ সংখ্যা সৰ্বাধিক। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূল কাৰণ হ’ল ভিছাৰ কঠোৰ নিয়ম, কঠোৰ নথি পৰীক্ষণ আৰু ৱৰ্ক পাৰ্মিটৰ কঠোৰ নিয়ম।

চৌদি আৰৱৰ বাহিৰেও অধিক সংখ্যক ভাৰতীয়ক বিতাড়িত কৰা দেশসমূহৰ ভিতৰত ম্যানমাৰ, মালয়েছিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, থাইলেণ্ড আৰু কম্বোডিয়া আদি উল্লেখযোগ্য।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই দেশবোৰৰ ভিতৰত সৰ্বাধিক বিতাড়ন কৰা দেশৰ তালিকাৰ শীৰ্ষত আছে ম্যানমাৰ। সেই দেশৰ পৰা ১,৫৯১ ভাৰতীয়ক বিতাড়িত কৰা হৈছে। ইয়াৰ পিছতে সংযুক্ত আৰব আমিৰশ্বাহী (১,৪৬৯), মালয়েছিয়া (১,৪৮৫), বাহৰেইন (৭৬৪), থাইলেণ্ড (৪৮১) আৰু কম্বোডিয়া (৩০৫)। ম্যানমাৰৰ পৰা বিতাড়নৰ বহু ঘটনা চাইবাৰ দাসত্বৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।

বিদেশত কৰ্মৰত ভাৰতীয়ৰ এক বৃহৎ অংশ নিম্ন দক্ষতাসম্পন্ন কৰ্মী। নিৰ্মাণ, ঘৰুৱা কাম বা সেৱাখণ্ডৰ কামত জড়িত এই কৰ্মীসকলে স্থানীয় আইন সম্পৰ্কে জ্ঞান নথকাৰ বাবে প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। বেছিভাগ ক্ষেত্ৰতে ভিছাৰ ম্যাদ উকলি যোৱা, ৱৰ্ক পাৰ্মিটৰ অভাৱ বা শ্ৰম আইন উলংঘাৰ বাবে তেওঁলোকক বিতাড়িত কৰা হয়।

বিশেষজ্ঞসকলৰ মতে, সজাগতাৰ অভাৱ আৰু দালালৰ প্ৰৱঞ্চনাইও সমস্যা বৃদ্ধি কৰিছে। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত দেশত থকাৰ বাবে বিতাড়িত হৈছে সৰ্বাধিক সংখ্যক ভাৰতীয়।

এই সন্দৰ্ভত তেলেংগানা চৰকাৰৰ প্ৰবাসী ভাৰতীয় উপদেষ্টা সমিতিৰ উপাধ্যক্ষ ভীমা ৰেড্ডীয়ে কয় যে, “এয়া উপসাগৰীয় দেশসমূহৰ এটা পৰিচিত ধাৰা। ভাৰতৰ পৰা বহু লোকে তালৈ নিৰ্মাণ কৰ্মী, সেৱা খণ্ড বা ঘৰুৱা কৰ্মী হিচাপে কাম কৰিবলৈ যায়। ইয়াৰে অধিকাংশই নিম্ন দক্ষতাসম্পন্ন কৰ্মী, যিসকলে দালালৰ জৰিয়তে বিদেশলৈ প্ৰব্ৰজন কৰে। বহু ক্ষেত্ৰত অতিৰিক্ত ধন উপাৰ্জনৰ আশাত তেওঁলোকে ক্ষুদ্ৰ আইনী অপৰাধত জড়িত হৈ পৰে।”

তেওঁ লগতে কয়, “বহুক্ষেত্ৰত স্থানীয় আইন-কানুনৰ বিষয়ে পৰ্যাপ্ত বুজাবুজিৰ অভাৱৰ বাবেও পৰিস্থিতি অধিক জটিল হৈ পৰে, যাৰ ফলত শেষত বিতাড়নৰ পৰিস্থিতিৰ সৃষ্টি হয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd