NORTHEAST NOW (Assamese)

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে হোজাইত ‘একতাৰ দৌৰ’

October 31, 2018 10:30 am · নিখিল মুন্দ্ৰা
ফটো : নৰ্থ-ইষ্ট নাও

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আজি হোজাই জিলা আৰক্ষীয়ে একতাৰ দৌৰ শীৰ্ষক এক সমূহীয়া দৌৰৰ আয়োজন কৰে।

বৰ্ষীয়ান ক্ৰীড়াবিদ সৌমেশ্বৰ বৰাই শুভাৰম্ভণি কৰা সমূহীয়া দৌৰত হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

জিলাখনৰ বিভিন্ন আগশাৰীৰ ক্ৰীড়াবিদ, আৰক্ষী, চি আৰ পি এফ জোৱান, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে এই একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশ লৈ হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে কয়, ‘এক ভাৰতবৰ্ষ গঢ় দিয়াৰ বাবে চৰ্দাৰ বল্লভ ভাই পেটেলে উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। তেওঁৰ জীৱন পৰিক্ৰমা সকলোৰে বাবে আদৰ্শৰ। সঁচা অৰ্থত তেওঁ এগৰাকী ভাৰতবৰ্ষৰ লৌহ মানৱ’।

ইফালে বৰ্ষীয়ান ক্ৰীড়বিদ সৌমেশ্বৰ বৰাই নৰ্থ-ইষ্ট নাওৰ আগত কয়- ‘চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীত মই তেওঁলৈ শ্ৰদ্ধা নিবেদিছো। এক ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত তেওঁ যি অৱদান আগবঢ়াই গৈছে সেয়া কেতিয়াও পাহৰিব নোৱাৰি’।

আনহাতে একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশ লোৱা আন এগৰাকী বৰ্ষীয়ান ক্ৰীড়াবিদ তথা সমাজকৰ্মী কমল দত্তই ‘এইজন মহান ব্যক্তিৰ জন্ম জয়ন্তী উপলক্ষে এইদৰে সমূহীয়া দৌৰত অংশ ল’বলৈ পাই মই নিজকে গৰ্বিত অনুভৱ কৰিছো’ বুলি কয়।

Related News