• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ; প্ৰথম গুণোৎসৱৰ ভিত্তিত নহ’ল কোনো ব্যৱস্থা

চৰকাৰে নিজৰ ব্যৰ্থতাৰ বাবেই আন্তঃগাঁথনিৰ বাবে থকা নম্বৰ এইবাৰ হ্ৰাস কৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 31, 2018 10:07 am

3 min read

Gunotsav-Assam-Result-750x375

প্ৰতিনিধিত্বমূলক ছবি।

321
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ৰাজ্যখনৰ মুঠ ১৭খন জিলাত দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। অহা ৩ নৱেম্বৰলৈকে মুঠ ৪ দিন ধৰি এই গুণোৎসৱ বাক্‌সা, বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, কামৰূপ (মহানগৰ), কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, নগাঁও, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং -এইকেইখন জিলাত অনুষ্ঠিত হ’ব।

আজি সকলো বিদ্যালয়তে স্বমূল্যায়ন (internal evaluation বা self evaluation) অনুষ্ঠিত হ’ব। এই স্বমূল্যায়নত বিদ্যালয় আৰু পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মৌখিক পৰীক্ষা লৈ সেই অনুসৰি মূল্যায়ন কৰিব, যিবোৰ পিছত external evaluation ৰ সময়ত বহিঃনিৰীক্ষকে পুনৰ নিৰীক্ষণ কৰিব।

আনহাতে অহা ৩ নৱেম্বৰৰ ভিতৰত এটা নিৰ্ধাৰিত দিনত শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া ঊৰ্ধ্বতন বিষয়াই বিদ্যালয়লৈ গৈ বহিঃমূল্যায়ন বা external evaluation কৰিব।

মন কৰিব লগীয়া যে দ্বিতীয় বৰ্ষৰ  গুণোৎসৱত মূল্যায়ন পদ্ধতিৰ ভালেখিনি সালসলনি হৈছে। নতুন নিয়মমতে, এইবাৰ শৈক্ষিক দিশৰ বাবে পূৰ্বৰ ৬০ শতাংশৰ পৰিৱৰ্তে ৮৫ শতাংশ নম্বৰ ৰখা হৈছে। আন্তঃগাঁথনিৰ বাবে পূৰ্বৰ ১৫ শতাংশৰ ঠাইত কমাই ৫ শতাংশ কৰা হৈছে। সেইদৰে সামাজিক কাম-কাজৰ অংশগ্ৰহণৰ বাবে ৫ শতাংশ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তথ্যপাতিৰ শৃংখলাৰ বাবে ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষৰ গুণোৎসৱৰ সময়ত গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি আদিকে ধৰি দুৰ্বল দিশবোৰ চিনাক্ত কৰি সেইবোৰৰ উন্নয়নৰ ব্যৱস্থা লোৱা হ’ব বুলি কৈছিল যদিও প্ৰথম বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত একো ব্যৱস্থা লোৱা দেখা নগ’ল।

বহুবোৰ বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকে বিদ্যালয়ত শিক্ষাদান কৰি আছে। উদাহৰণস্বৰূপে নগাৱঁৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ চলচলি মুছলিম গাৱঁৰ এখন বিদ্যালয়ত ১২০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী। সেইদৰে আন আন বহু ঠাইত এজনীয়া শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিক্ষাদান আৰু অন্যান্য যাৱতীয় কামকাজ চলাই থাকিব লগীয়া হৈছে।

আনহাতে বেন্স-ডেস্কৰ অভাৱ, বিদ্যুৎ সংযোগহীন, ফেন, লাইটৰ অভাৱ এতিয়াও বহু বিদ্যালয়ৰ অন্যতম সমস্যা হৈ আছে।  জানিব পৰা মতে, আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষা বিভাগে একো ব্যৱস্থা কৰিব নোৱৰা বাবেই এইবাৰ আন্তঃগাঁথনিৰ বাবে থকা নম্বৰ কমাই শৈক্ষিক দিশৰ বাবে বঢ়াই দিয়াৰ ব্যৱস্থা কৰে।

“মই যোৱাবাৰৰ বহিঃমূল্যায়নৰ সময়ত বহিঃনিৰীক্ষক হিচাপে অহা প্ৰতীক হাজেলা ডাঙৰীয়াক আন্তঃগাঁথনিৰ সমস্যাৰ কথা কৈছিলো। বিশেষকৈ বেন্স-ডেস্কৰ অৱস্থা ভাল নহয়।” এইদৰে কয় গুৱাহাটীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকে।

“হাজেলা ছাৰে লিখিও নিছিল আৰু সৰ্বশিক্ষা বিভাগলৈ দিয়া গোপনীয় প্ৰতিবেদনত (confidential report) এইটো উল্লেখ কৰিছিল বুলি জানো। কিন্তু আজিও একো উত্তৰ নাহিল। কেৱল আমাৰে নহয়, কোনো বিদ্যালয়ে গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত কিবা উন্নয়নৰ সুবিধা পাইছে বুলি শুনা নাই।” নাম প্ৰকাশত অনিচ্ছুক প্ৰধান শিক্ষকজনে কয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd