• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছ বি আইত ওলাইছে ৮,০০০ চাকৰি; চাওক সৱিশেষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2020 8:09 am

2 min read

SBI-Recruitment-2018-750x430-750x375

প্ৰতিনিধিত্বমূলক ফটো

842
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে এছ বি আইৰ ক্লাৰিকেল কেডাৰৰ কনিষ্ঠ সহায়ক (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) পদৰ ৮,০০০ টা পদত নিযুক্তিৰ বাবে ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে ইয়াৰ নিজা ৱেবছাইট sbi.co.inত গৈ অনলাইন যোগে আবেদন কৰিব পাৰে।

ভাৰতীয় ষ্টেট বেংকে বৃহস্পতিবাৰে (২ জানুৱাৰি,২০২০) প্ৰকাশ কৰা জাননী অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন শাখাত খালী হৈ থকা উক্ত পদসমূহত নিযুক্তি দিব।

প্ৰায় ৮,০০০ খালী পদত নিযুক্তি দিবলগীয়া এইটো চাকৰি প্ৰাৰ্থীসকলৰ বাবে এক সোণালী সুযোগ বুলি ক’ব পাৰি।

জাননী অনুসৰি, এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে ৰেজিষ্ট্ৰেশ্যন আজি (৩ জানুৱাৰি,২০২০)ৰ পৰা আৰম্ভ হ’ব। প্ৰাৰ্থীসকলৰ আবেদনৰ বাবে অন্তিম তাৰিখ হৈছে ২৬ জানুৱাৰি,২০২০।

551cf81f5a7f859f1170c0307416edb1

এছ বি আই ক্লাৰ্ক ২০২০’ৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ অৰ্হতা কোনো স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

প্ৰাৰ্থীসকলে অহা ২৬ জানুৱাৰি ২০২০ৰ ভিতৰত অনলাইন যোগে আবেদন মাছুল জমা দিব লাগিব।

যোগ্যতা সম্পন্ন আবেদনকাৰীসকলৰ বাবে এছ বি ক্লাৰ্ক প্ৰিলিমিনেৰী পৰীক্ষা অহা ২০২০ৰ ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব।

এছ বি আই ক্লাৰ্ক ২০২০’ত আবেদনৰ বাবে কেইটামান মনত ৰাখিবলগীয়া কথাঃ

এছ বি আই ক্লাৰ্ক ২০২০’ৰ গুৰুত্বপূৰ্ণ তাৰিখঃ

(ক) অনলাইন আবেদনৰ তাৰিখ আৰম্ভ: ৩ জানুৱাৰি, ২০২০

(খ) অনলাইন আবেদনৰ অন্তিম তাৰিখ: ২৬ জানুৱাৰি,২০২০

(গ)এছ বি ক্লাৰ্ক প্ৰিলিমিনেৰী পৰীক্ষা: ২০২০ৰ ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত।

(ঘ) জুনিয়ৰ এছোচিয়েট (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) মুঠ পদৰ সংখ্যা: ৮,০০০টা।

(ঙ) দৰমহাৰ নিৰিখ:  Rs.11765-655/ 3-13730-815/ 3-16175-980/ 4-20095-1145/ 7-28110-2120/ 1-30230-1310/1-31450

(চ) শিক্ষাগত অৰ্হতা: কোনো স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

(ছ) integrated dual degree (IDD) প্ৰমান পত্ৰ থকা প্ৰাৰ্থীয়ে তেওঁলোকৰ পাছ কৰা তাৰিখ ০১.০১.২০২০ৰ ভিতৰত হোৱাটো নিশ্চিত কৰিব লাগিব।

(জ) বয়সৰ সীমা: বয়সৰ সীমা ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। (চৰকাৰী নিয়ম অনুসৰি বয়সৰ সীমা ৰেহাই দিয়া হ’ব)।

প্ৰাৰ্থীসকলে বেংকৰ ৱেবছাইট https://bank.sbi/careers বা https://www.sbi.co.in/careers-Recruitment of Junior Associates 2020ত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।

ৰেজিষ্টেশ্যনৰ পাছতে প্ৰাৰ্থীসকলে অনলাইন যোগে debit card/ credit card/ Internet Bankingব্যৱহাৰ কৰি নিৰ্দ্ধাৰিত মাছুল জমা দিব লাগিব।

প্ৰাৰ্থীসকলৰ বাবে নিৰ্দ্ধাৰিত মাছুল: General/ OBC/ EWS – Rs 750/- আৰু SC/ ST/ PWD/ XS – মাছুল নাই।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd