ষ্টেট বেংক অফ ইণ্ডিয়াই ইয়াৰ জ্যেষ্ঠ নাগৰিক গ্ৰাহকলৈ এক উপহাৰ আগবঢ়াইছে।
দেশৰ আটাইতকৈ বৃহৎ চৰকাৰী খণ্ডৰ বেংক এছ বি আয়ে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ ফিক্স ডিপ’জিট আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ ৩১ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।
ইয়াৰ পূৰ্বে বেংকটোৱে এই আঁচনিৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈকে থকাৰ কথা ঘোষণা কৰিছিল।
বেংকটোৱে যোৱা মে’ মাহত জ্যেষ্ঠ নাগৰিকৰ বাবে এছ বি আই ‘উই কেয়াৰ’ ছিনিয়ৰ চিটিজেনছ টাৰ্ম ডিপ’জিট স্কীম ঘোষণা কৰিছিল।
সেই সময়ত সুতৰ হাৰ হ্ৰাস পোৱালৈ চাই জ্যেষ্ঠ নাগৰিকক উচ্চ সুতৰ হাৰ প্ৰদান কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল।
এছ বি আইৰ এই আঁচনিত ৫বছৰ বা ইয়াৰ অধিক সময়ৰ ফিক্স ডিপ’জিটৰ ওপৰত ৩০বেছিছ পইন্টৰ অতিৰিক্ত প্ৰিমিয়াম তৎকালীনভাৱে লাভ কৰিব।
এই আঁচনি মাত্ৰ ২০২০ৰ ৩১ ডিচেম্বৰলৈকে প্ৰযোজ্য থাকিব। এই আঁচনিত ৬০বছৰ বা ইয়াৰ অধিক বয়সৰ লোকে বিনিয়োগ কৰিব পাৰে।
এই আঁচনি ৫বছৰ বা তাতোকৈ অধিক সময়ৰ বাবে প্ৰযোজ্য। এই আঁচনিত বিনিয়োগৰ জমা ধন ৰাশিৰ সৰ্বোচ্চ সীমা ২কোটি টকাতকৈ কম হ’ব লাগিব।
উই কেয়াৰ ডিপ’জিটত ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ধন উলিয়ালে অতিৰিক্ত সুত দিয়া নহয়।
উল্লেখ্য যে জ্যেষ্ঠ নাগৰিকে ৫বছৰৰ কম ৰিটেল টাৰ্ম ডিপ’জিটৰ ওপৰত সাধাৰণ নাগৰিকৰ তুলনাত ০.৫০ শতাংশ অধিক সুত লাভ কৰে। সেইদৰে ৫ বছৰৰ অধিক ৰিটেল টাৰ্ম ডিপ’জিটৰ ওপৰত ০.৮০শতাংশ সুত লাভ কৰে য’ত অতিৰিক্ত ০.৩০শতাংশ অন্তৰ্ভুক্ত আছে।