NORTHEAST NOW (Assamese)

SBI ৰ ATM কাৰ্ড ব্যৱহাৰ কৰে? জানি লওক, টকা উলিওৱাৰ নতুন নিয়ম

December 28, 2019 11:31 am · এন ই নাও নিউজ
Updated: January 10, 2020 6:48 pm
এচ বি আই এ টি এমৰ ফাইল ছবি।

আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ(এছ বি আই) এটিএম কাৰ্ড ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে আছে এটা নতুন খবৰ।

এছবিআইয়ে ১ জানুৱাৰিৰ পৰা এটিএমত টকা উলিওৱাৰ নিয়মৰ পৰিৱৰ্তন ঘটাইছে।

নতুন নিয়ম অনুসৰি আপুনি ৱান টাইম পাছৱৰ্ড (OTP)ৰ জৰিয়তেহে নগদ ধন উলিওৱাৰ সুবিধা পাব।

প্ৰকৃততে, এছবিআইয়ে অ’টিপি নিৰ্ভৰ এটিএম উইড্ৰ’লৰ সুবিধা মুকলি কৰিছে।

এই সুবিধাৰ জৰিয়তে যেতিয়া আপুনি এছবিআইৰ এটিএম মেছিনৰ পৰা নগদ ধন উলিয়াবৰ বাবে কাৰ্ড সুমুৱাব তেতিয়াই আপোনাৰ পঞ্জীয়ন থকা মোবাইল নম্বৰত ৱান টাইম পাছৱৰ্ড (OTP) জেনেৰেট হ’ব।

নতুন সুবিধা অনুসৰি যেতিয়া কাৰ্ডৰ গৰাকীয়ে এছবিআইৰ এটিএমত উলিয়াবলগীয়া টকাৰ পৰিমান দিব তেতিয়াই স্ক্ৰীণত OTP এন্টাৰ কৰাৰ বিকল্প আহিব। এই OTP স্ক্ৰীণত এন্টাৰ কৰাৰ পাছতহে নগদ ধন উলিয়াব পাৰিব।

এছ বি আইৰ নতুন অ’টিপি নিৰ্ভৰ এটিএম উইড্ৰ’লৰ নিয়ম।

উল্লেখযোগ্য যে OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধা এছ বি আই কাৰ্ডেৰে আন বেংকৰ এটিএমত নগদ ধন উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

তদুপৰি, নতুন নিয়ম অনুসৰি এতিয়া পুৱা ৮বজাৰ পৰা নিশা ৮বজাৰ ভিতৰতহে আপুনি ট্ৰ্যঞ্জেকশ্যন কৰিব পাৰিব।

এই সুবিধা ১০,০০০ টকাৰ অধিক ট্ৰ্যঞ্জেকশ্যনতহে লাভ কৰিব। কোৱা হৈছে যে OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধাৰ জৰিয়তে গ্ৰাহকৰ ধনৰ সুৰক্ষা বাঢ়িব।

আনহাতে, গ্ৰাহক ডুপ্লিকেট কাৰ্ডৰ জৰিয়তে টকা উলিয়াই নিয়াৰ বিপদৰ পৰা ৰক্ষা পৰিব। অৱশ্যে, ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল নম্বৰটো বেংক একাউন্টৰ সৈতে আপডেট কৰি ৰাখিব লাগিব।

Related News