• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 11:20 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সচেতন ৰাইজ, পশু অধিকাৰ সংগঠন আৰু বন্যপ্ৰাণী কৰ্মীসকলে উত্তৰ–পূৰ্বাঞ্চলৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এখন উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে গুজৰাটলৈ অধিক গঁড় আৰু অন্যান্য প্ৰাণী স্থানান্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দীপক ভাৰ্মাৰ নেতৃত্বাধীন এই কমিটিখনে উত্তৰ–পূবৰ পৰা অধিক হাতী আৰু অন্যান্য জীৱ–জন্তু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগত গুজৰাটৰ জামনগৰৰ ৰাধা কৃষ্ণ মন্দিৰ হাতী ট্ৰাষ্টলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

Apply Now

কমিটীখনৰ প্ৰতিবেদনত কোৱা হৈছে, “ট্ৰাষ্টৰ সুবিধা, এলেকা আৰু আন্তঃগাঁথনি ভাৰতৰ আন কোনো ট্ৰাষ্টৰ দৰে নহয়। বিশ্বত এনেধৰণৰ সুবিধাজনক ট্ৰাষ্ট পাবলৈ নাই। উদ্ধাৰ, চিকিৎসা আৰু ৰক্ষণা–বেক্ষণৰ প্ৰয়োজন হোৱা অধিক হাতী বা অন্যান্য জীৱ জন্তু ইয়ালৈ স্থানান্তৰিত কৰাটো ভাল। ট্ৰাষ্টৰ এলেকাটো যথেষ্ট ডাঙৰ আৰু ইয়াত সহায়ৰ প্ৰয়োজন হোৱা অধিক জীৱ–জন্তু সহজেই ৰখাব পাৰি।’’

উল্লেখ্য যে উত্তৰ–পূৰ্বাঞ্চলৰ পৰা গুজৰাটলৈ হাতী স্থানান্তৰিত কৰিবলৈ আবেদন জনোৱাৰ সময়তে যোৱা বছৰৰ ৭ নৱেম্বৰত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক ভাৰ্মা নেতৃত্বত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰি দিছিল।

ন্যায়াধীশৰ উপৰিও কমিটীখনত কেন্দ্ৰৰ বন সঞ্চালক প্ৰধান, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ প্ৰকল্প হাতী সংমণ্ডলৰ মুৰব্বী, ভাৰতীয় কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণৰ সদস্য সম্পাদক, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু গুজৰাটৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আদি অন্তৰ্ভুক্ত আছিল।

চলিত বৰ্ষৰ মাৰ্চ মাহত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে উত্তৰ–পূবত পালন কৰা হাতীৰ স্থানান্তৰিতকৰণৰ সৈতে জড়িত যিকোনো অনুমোদন বা অভিযোগৰ সৈতে মোকাবিলা কৰিবলৈ এই কমিটীখনক ক্ষমতা প্ৰদান কৰে।

ইয়াৰ পিছতে কমিটীখনে প্ৰতিবেদনত বন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ পৰা দুৰ্দশাগ্ৰস্ত জীৱ–জন্তুসমূহ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ট্ৰাষ্টলৈ স্থানান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

কমিটীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে “ট্ৰাষ্টে চাৰ্কাচ বা ষ্ট্ৰীট শ্ব’ত ব্যৱহাৰ কৰা বা টকা ঘটিবলৈ ব্যৱহাৰ কৰা জীৱ–জন্তুৰ বাবে উদ্ধাৰ অভিযান গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিব। ট্ৰাষ্টে জন্তুৰ যত্ন আৰু দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে গুজৰাট, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ বন্য জন্তুৰ ৱাৰ্ডেনে যিকোনো দুৰ্দশাগ্ৰস্ত বা বন্দী প্ৰাণীক উক্ত ট্ৰাষ্টলৈ বদলি কৰাৰ কথা চিন্তা কৰিব পাৰে।’’

লগতে কমিটীখনৰ অধ্যক্ষই প্ৰতিবেদনখনত উল্লেখ কৰে যে ট্ৰাষ্টলৈ অনা হাতীবোৰে এটা সুন্দৰ, শিথিল আৰু বিলাসী অৱসৰ জীৱন কটাব পাৰিব।

উল্লেখ্য যে আগৰতলাৰ এজন স্থানীয় অধিবক্তাই উত্তৰ–পূব ভাৰতৰ পৰা ৰাধে কৃষ্ণ মন্দিৰ হাতী ট্ৰাষ্টলৈ হাতী স্থানান্তৰ নিষিদ্ধ কৰাৰ দাবীত এখন আবেদন দাখিল কৰিছে।

একেদৰে আন কৰ্ণাটকৰ পৰা কেইবাটাও হাতীক গুজৰাটৰ ন্যাসলৈ স্থানান্তৰিত কৰা বিৰুদ্ধে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। ইতিমধ্যে আবেদনকাৰীয়ে এই আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটলৈ স্থানান্তৰিত কৰা অধিকাংশ হাতীয়েই অৰুণাচলৰ পৰা অসমৰ মাজেদি লৈ যোৱা হৈছে। এই দৰে উত্তৰ পূৰ্বৰ হাতীসমূহ গুজৰাটলৈ স্থানান্তৰিত কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলৰ লগতে আন আন দল সংগঠনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd