ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক গোচৰৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত দেশৰ সৰ্বোচ্চ আদালতখনৰ প্ৰশ্ন যে ‘স্বাধীনতাৰ ৭৫বছৰ পাছতো এই আইনৰ প্ৰয়োজন আছেনে?’
উচ্চতম ন্যায়ালয়ে কয় যে ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰা ঔপনিবেশিক সময়ৰ। তেতিয়া ব্ৰিটিছ বিৰোধী প্ৰতিবাদক দমাবলৈ এই আইন প্ৰয়োগ কৰা হৈছিল। মহাত্মা গান্ধী, বাল গংগাধৰ তিলকৰ দৰে নেতাসকলৰ বিৰুদ্ধে এই আইন প্ৰয়োগ কৰা হৈছিল।
কিন্তু স্বাধীনতাৰ ৭৫বছৰ পাছতো এই আইনৰ প্ৰয়োজন আছেনে?
গোচৰ দাখিল কৰা পক্ষৰ অভিযোগ যে ৰাষ্ট্ৰদ্ৰোহ আইন দৰাচলতে সংবিধানৰ ১৯(১)(এ), ১৪ আৰু ২১ এই তিনি অনুচ্ছেদৰ পৰিপন্থী। তেওঁলোকে ১২৪(এ) ধাৰাটো সম্পূৰ্ণ খাৰিজ কৰা উচিত বুলি দাবী কৰিছে।
উচ্চতম ন্যায়ালয়ৰ শুনানিত কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা এটৰ্ণি জেনেৰেল কে কে বেনুগোপালেও উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ সৈতে একমত পোষণ কৰে। তেওঁ এই সন্দৰ্ভত কেন্দ্ৰক নিৰ্দেশনা দিয়াৰ বাবেও আদালতক আবেদন জনায়।
আনহাতে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয়,’’আমি আইনখনৰ অপব্যৱহাৰক লৈ উদ্বিগ্ন। যদি কোনো ৰাজ্য চৰকাৰে ইয়াৰ বিৰোধীৰ কথাত অসন্তুষ্ট হয়, তেনেহ’লে এই ধাৰাৰ প্ৰয়োগ কৰে।‘’
মুখ্য ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰাৰ বৈধতা বিচাৰ কৰি চাব। তাৰ পাছতে এই সম্পৰ্কত কেন্দ্ৰলৈ এখন জাননী জাৰি কৰা হয়।