লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়া প্ৰায় দুমাহ বাহিৰত থকাৰ পিছত পুনৰ জে’ললৈ যাব লাগিব উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী বিজেপি নেতাগৰাকী। আদালতে তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে যোৱা বছৰ ৩ অক্টোবৰত লখিমপুৰ খেৰিত কৃষকসকলৰ প্ৰতিবাদ চলি থকাৰ সময়ত আশিষ মিশ্ৰৰ গাড়ীৰ তলত পিষ্ট হৈ চাৰিজন কৃষকৰ মৃত্যু ঘটিছিল। তাৰপিছতে একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হৈছিল গোটেই অঞ্চলটো।
আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আৰক্ষীক ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। তাৰমাজতে গণ প্ৰহাৰৰ ঘটনাও ঘটে। এনে হিংসাত্মক পৰিস্থিতিত আন চাৰিজন লোকেও প্ৰাণ হেৰুৱায়।
লগতে পঢ়ক: ‘চৰকাৰী গাফিলতি’ৰ বাবে দেশত ৪০লাখ লোকৰ কোভিডত মৃত্যু; দাবী ৰাহুল গান্ধীৰ
উক্ত ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশিষ মিশ্ৰ মনু। এই গোচৰত আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত (চাৰ্জশ্বীট) আশিষ মিশ্ৰক মূল অভিযুক্ত হিচাপে দেখুওৱা হৈছে।
ঘটনাৰ পিছতে ৯ অক্টোবৰত মূল অভিযুক্ত আশিষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় চাৰি মাহ জে’লত থকাৰ পিছত যোৱা ফেব্ৰুৱাৰী মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে তেওঁৰ জামিন মঞ্জুৰ কৰে।
চাৰিমাহ জে’লত থাকি মুকলি হৈ আশিষ মিশ্ৰই আনকি উত্তৰ প্ৰদেশ বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰতো অংশ লয়।
ইপিনে, উক্ত ঘটনাত নিহত তিনিজন কৃষকৰ পৰিয়ালে আশিষ মিশ্ৰৰ জামিনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনায়। তেওঁলোকৰ আবেদনৰ ভিত্তিতে এইবাৰ শীৰ্ষ আদালতখনে আশিষ মিশ্ৰৰ জামিন নাকচ কৰিলে।
উচ্চতম ন্যায়ালয়ে লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ক এই গোচৰৰ নতুনকৈ শুনানি গ্ৰহণৰো নিৰ্দেশ দিছে।
লগতে পঢ়ক: কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ
মন কৰিবলগীয়া কথাটো হ’ল যে কৃষক হত্যাৰ ঘটনাৰ মূল অভিযুক্ত হোৱা সত্তেও বিজেপিয়ে এতিয়াও আশিষ মিশ্ৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেইদৰে তেওঁৰ পিতৃ অজয় মিশ্ৰকো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰা হোৱা নাই।
ইয়াৰ পৰিৱৰ্তে এই সমগ্ৰ ঘটনাটোত বিজেপি দল আশিষ মিশ্ৰ আৰু তেওঁৰ পিতৃ অজয় মিশ্ৰৰ কাষতে থিয় দিছে।