পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Maharashtra politics

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেসহ ১৬ গৰাকী বিধায়কক বিধানসভাৰ পৰা নিলম্বন বিচাৰি শিৱসেনাৰ ঠাকৰে শিবিৰৰ বিধায়ক সুনীল প্ৰভুৱে দাখিল কৰা জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্যমন্ত্ৰী সিন্দেসহ ১৬ জন বিধায়কৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ বাবে দাখিল আবেদনৰ জৰুৰী শুনানিৰ প্ৰয়োজন বুলি যুক্তি দৰ্শাইছিল।

বিচাৰপীঠে জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰি ১১ জুলাইত নতুন আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মত হয়।

উল্লেখ্য যে সুনীল প্ৰভুৱে দাখিল কৰা আবেদনখনত সংবিধানৰ দশম অনুসূচী যাতে ব্যৰ্থ নহয় তাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।

লগতে একনাথ সিন্দেৰ মুখ্যমন্ত্ৰীত্ব আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ উপ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব গ্ৰহণে বিসম্বাদী বিধায়ক সকলে পূৰ্বৰ মহা বিকাশ আঘাৰী চৰকাৰক উফৰাবলৈ বিজেপিৰ সৈতে হাত মিলোৱাটো স্পষ্টকৈ প্ৰমাণ কৰিছে বুলি আবেদনখনত আঙুলিয়াই দিয়া হৈছিল।

বিসম্বাদী বিধায়কসকলে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ স্পষ্ট প্ৰমাণৰ আধাৰত তেওঁলোকক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰিব লাগে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰাৰ পিছত ঠাকৰে শিবিৰ পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰাশ হ’বলগীয়া হয়। ইয়াৰ পূৰ্বেও বিধানসভাত আস্থাভোট স্থগিত ৰখাৰ বাবে উদ্ধৱ ঠাকৰে শিবিৰে দাখিল কৰা আবেদনো উচ্চতম ন্যায়ালয়ত খাৰিজ হৈছিল।

উচ্চতম ন্যায়ালয়ত এই আবেদন খাৰিজ হোৱাৰ পিছতে উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল।