উচ্চতম ন্য়ায়ালয়ে আজি প্ৰতীক্ষিত অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই বহু বিবাদিত গোচৰটোৰ ৰায়দান কৰে।
আদালতে চৰ্ত অনুসৰি বিবাদিত ভূমিখিনি হিন্দু সকলক দিয়াৰ বাবে নিৰ্দেশ দিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিব।
গোটেই বিষয়টোৰ বাবে এখন ন্যাস গঠন কৰা হ’ব আৰু এই ন্যাসক আভ্যন্তৰীণ চৌহদটো হস্তান্তৰ কৰা হ’ব।
ছুন্নী ৱাকফ বোৰ্ডক দিয়া হ’ব ৫ একৰ ভূমিৰ এক উপযুক্ত প্লট।
কেন্দ্ৰই অহা তিনিমাহৰ ভিতৰত বোৰ্ড অফ ট্ৰাষ্টীৰে এখন ট্ৰাষ্ট বা ন্যাস গঠন কৰিব লাগিব।
আজি অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১০.৩০ বজাৰ লগে লগে আদালতত ৰায় প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।
প্ৰথমতেই মুখ্য ন্যায়াধীশ গৰাকীয়ে ছিয়া ৱাকফ বোৰ্ডৰ আবেদন খাৰিজ কৰাৰ কথা ঘোষণা কৰে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অযোধ্যাৰ ৰাম জনমভূমি আৰু বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰে।
আদালতত উপস্থিত হোৱাৰ পাছতে ৰায়দানৰ কপিত আটাইকেইগৰাকী ন্যায়াধীশে স্বাক্ষৰ কৰে।
আদালতৰ কক্ষত বিবাদৰ সৈতে জড়িত সকলো পক্ষৰ লোক উপস্থিত থাকে।
ৰায়দানত ভাৰতীয় পুৰাতত্ত্ব জৰীপৰ প্ৰতিবেদনৰ আধাৰত আদালতে কয় যে মছজিদ খালী মাটিত বনোৱা হোৱা নাছিল।
বিবাদিত ভূমিৰ ৰায় আইনী আওতাৰ জৰিয়তে লোৱা বুলিও কয় আদালতে।
হিন্দু সকলৰ আস্থা আৰু বিশ্বাসৰ ওপৰত প্ৰশ্ন নুঠে বুলি উল্লেখ কৰি কোৱা হয় যে আস্থা আৰু বিশ্বাসৰ ভিত্তিত সিদ্ধান্ত ল’ব নোৱাৰি।
আদালতে কয় অযোধ্যা ৰামৰ জনমভূমি ইয়াত কোনো বিবাদ নাই।
মুছলমানসকলৰ উক্ত ভূমিত বিশেষ দখল নাই। মুছলমান পক্ষই তেওঁলোকৰ দখলৰ প্ৰমান দিয়াত ব্যৰ্থ হৈছে।
আদালতে কয় যে ইংৰাজ শাসনলৈকে নামাজ পঢ়াৰ কোনো প্ৰমান নাই।