• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৃণাভৰা ভাষণঃ অপৰাধীৰ ধৰ্মলৈ নোচোৱাকৈ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2022 9:13 pm
AAgrY_SupremeCourtofIndia-750x375-1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি ঘৃণাভৰা ভাষণ দিয়া অপৰাধীৰ ধৰ্মলৈ নোচোৱাকৈ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দেশত ঘৃণামূলক ভাষণৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি কয় “ধৰ্মৰ নামত আমি ক’ত উপনীত হৈছো” ।

ন্যায়ালয়ে এনে ভাষণৰ সৈতে জৰিতসকলৰ আৰু ধৰ্মৰ প্ৰতি দৃষ্টি নিদিয়াকৈ অপৰাধীৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ কে এম যোচেফ আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে কয় যে ঘৃণামূলক ভাষণ “ভয়াৱহ”, বিশেষকৈ গণতান্ত্ৰিক আৰু ধৰ্ম-নিৰপেক্ষ এখন দেশৰ বাবে এয়া ভয়ংকৰ কথা। তেওঁ কয় “আমি ক’ত উপনীত হৈছো? আমি ধৰ্মক কিহলৈ অৱনমিত কৰিছোঁ? এয়া দুখজনক কথা”। বিচাৰপীঠে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড আৰক্ষীকো জাননী জাৰি কৰি তেনে ৰাজ্যসমূহত ঘটা এনে অপৰাধৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে সেই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে ৰাজ্য চৰকাৰ আৰু আৰক্ষী কৰ্তৃপক্ষই ঘৃণাভৰা ভাষণৰ ক্ষেত্ৰত আনুষ্ঠানিক অভিযোগ পঞ্জীয়ন হোৱালৈ অপেক্ষা নকৰাকৈ স্বতঃপ্ৰণোদিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কয়। আদালতে লগতে কয় যে চৰকাৰে অপৰাধীসকলৰ ধৰ্মলৈ নোচোৱাকৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে।

Apply Now

শীৰ্ষ ন্যায়ালয়ে আজি ভাৰতত মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি দিয়া ঘৃণা ভৰা ভাষণ বন্ধ কৰিবলৈ আদালতৰ জৰুৰী হস্তক্ষেপ বিচাৰি এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। সাংবাদিক শ্বাহিন আব্দুল্লাই দাখিল কৰা আবেদনখনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ঘৃণামূলক অপৰাধ আৰু ঘৃণামূলক ভাষণৰ ঘটনাৰ এক স্বতন্ত্ৰ, বিশ্বাসযোগ্য আৰু নিৰপেক্ষ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ বিচাৰি আদালতৰ হস্তক্ষেপ কামনা কৰিছিল।
উল্লেখ্য চলিত বৰ্ষৰ জানুৱাৰী মাহত ‘ধৰ্ম সংসদ’ত একাংশ বক্তাই দিয়া উচটনিমূলকআৰু ঘৃণা ভৰা ভাষণক দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।।

এনে ভাষণৰ বিৰুদ্ধেদেশৰ বিভিন্ন প্ৰান্তৰ লগতে নতুন দিল্লীৰ উত্তৰাখণ্ড ভৱনৰ বাহিৰত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

সশস্ত্ৰ বাহিনীৰ পাঁচজন প্ৰাক্তন মুৰব্বী আৰু আমোলাসহ আন কেইবাজনো বিশিষ্ট নাগৰিকে ঘৃণামূলক ভাষণৰ ঘটনা সন্দৰ্ভত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল আৰু এই বিষয়ত উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

পত্ৰ খনত হৰিদ্বাৰত এক অনুষ্ঠানত কৰা সাম্প্ৰদায়িক মন্তব্যৰ কথা উল্লেখ কৰা হৈছিল আৰু এনে ধৰণৰ প্ৰোচনামূলক মন্তব্যই দেশেত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰা হৈছিল।

পত্ৰ খনত কোৱা হৈছিল —’আমি ঘৃণা ভৰা এনে ধৰণৰ হিংসাত্মক প্ৰৰোচনাক সমৰ্থন জনাব নোৱাৰো – এনে মন্তব্য সমূহে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকে লগতে কয়, ” সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰৰ ভিতৰত যিকোনো শান্তি আৰু সম্প্ৰীতি ভংগ হ’লে সেই কাৰ্যই বাহ্যিক শক্তিক উৎসাহিত কৰিব।”

পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল (অৱসৰপ্ৰাপ্ত) এল ৰামদাস, এডমিৰেল (অৱসৰপ্ৰাপ্ত) বিষ্ণু ভাগৱত, এডমিৰেল (অৱসৰপ্ৰাপ্ত) অৰুণ প্ৰকাশ আৰু এডমিৰেল (অৱসৰপ্ৰাপ্ত) আৰ কে ধাৱান আদি ব্যক্তিসকল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd