• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব সমলিংগ বিবাহৰ স্বীকৃতি বিচাৰি কৰা আবেদনৰ শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 7:37 pm
same-sex marriage
164
VIEWS
Share on FacebookShare on Twitter

দেশত সমলিংগ বিবাহৰ সাংবিধানিক স্বীকৃতি বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ বাবে প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। এই পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে ১৮ এপ্ৰিলৰ পৰা বিষয়টোৰ শুনানি আৰম্ভ কৰিব।

সোমবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি কয় যে প্ৰেম, প্ৰকাশ আৰু পছন্দৰ স্বাধীনতাৰ অধিকাৰ ইতিমধ্যে ৰক্ষা কৰা হৈছে আৰু সেই অধিকাৰত কোনেও হস্তক্ষেপ কৰা নাই। কিন্তু ইয়াৰ অৰ্থ বিবাহৰ অধিকাৰ প্ৰদান কৰা নহয় বুলি তেওঁ লগতে কয়।

মেহতাই লগতে কয় যে সমলিংগ লোকৰ মাজত স্বীকৃতিপ্ৰাপ্ত কাৰ্য হিচাপে বিবাহ হোৱাৰ লগে লগে দত্তক লোৱাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ’ব। আৰু সেয়েহে সংসদে শিশুটিৰ মনোবিজ্ঞান মূল্যায়ন কৰিব লাগিব।

ছলিচিটৰ জেনেৰেল মেহতাৰ এই যুক্তিৰ প্ৰতি সহাঁৰি জনাইআমুখ ন্যায়াধীশ চন্দ্ৰচূড়ে সমকামী দম্পতীৰ দত্তক সন্তান সমকামী যে হ’বই লাগিব, সেয়া ক’ব নোৱাৰি বুলি মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে লগতে কয়, “আমাৰ মতে সংবিধানৰ এ ১৪৫(৩)ৰ প্ৰতি যথাযথ লক্ষ্য ৰাখি এই আদালতৰ পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠে উত্থাপিত বিষয়সমূহ সমাধান কৰিলে উপযুক্ত হ’ব। সেয়ে আমি বিষয়টোক সংবিধানৰ বিচাৰপীঠৰ সন্মুখত ৰখাৰ নিৰ্দেশ দিওঁ।”

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেওবাৰে সমলিংগ বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কৰি সমলিংগ বিবাহৰ ধাৰণা ভাৰতীয় পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছিল। চৰকাৰে লগতে সমকামী দম্পতীৰ মাজত বিবাহক স্বীকৃতি দিলে ভাৰতীয় পৰিয়ালৰ ধাৰণাটোৰ পৰা বিচ্যুতি ঘটিব বুলি উল্লেখ কৰিছিল।

আজি উচ্চতম ন্যায়ালয়ে বিষয়টোক প্ৰাথমিক গুৰুত্বসম্পন্ন বিষয় বুলি উল্লেখ কৰে আৰু এই গোচৰৰ ৰায়ে সমাজৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। পাঁচজনীয়া বিচাৰপীঠে এই বিষয়ৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতৰ কাৰ্যবিধি লাইভ ষ্ট্ৰীম কৰা হ’ব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd