NEET, JEE: বিৰোধীশাসিত ৰাজ্যৰ পুনৰীক্ষণৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

SC rejects review petition by six opposition ruled states seeking postponement of NEET and JEE exams

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে NEET, JEE সন্দৰ্ভত ই দিয়া পূৰ্বৰ ৰায়ৰ পুনৰীক্ষণৰ বাবে ছয় অবিজেপি শাসিত ৰাজ্যই জনোৱা পুনৰীক্ষণৰ আবেদন শুকুৰবাৰে নাকচ কৰিছে।

ন্যায়াধীশত্ৰয় অশোক ভূষণ, বি আৰ গাভাই আৰু কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে আবেদনখন নাকচ কৰে।

যোৱা ১৭ আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে পৰীক্ষাকেইটা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰক অনুমতি প্ৰদান কৰিছিল।

ক’ভিড১৯ মহামাৰীৰ বাবে পৰীক্ষা পিছুৱাবলৈ মহাৰাষ্ট্ৰ, পঞ্জাব, পশ্চিম বংগ, ঝাৰখণ্ড, ৰাজস্থান আৰু ছত্তিশগড়ৰ ছগৰাকী মন্ত্ৰীয়ে এই পুনৰীক্ষণৰ আবেদন কৰিছিল।

JEE Main ক’ভিড মহামাৰীৰ বাবে পূৰ্বে দুবাৰ পিছুওৱাৰ পিছত বৰ্তমান চলি আছে।

অহা ৬ ছেপ্তেম্বৰলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব।

অহা ২৭ ছেপ্তেম্বৰত JEE Advanced অনুষ্ঠিত হ’ব।

পূৰ্বে দুবাৰ পিছুওৱা NEET UG পৰীক্ষা অহা ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব।

JEE Mainৰ বাবে নেচনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষা কেন্দ্ৰ ৫৭০টাৰ পৰা ৬৬০লৈ বৃদ্ধি কৰিছে।

NEET UGৰ বাবেও পৰীক্ষা কেন্দ্ৰৰ সংখ্যা ২,৫৪৬টাৰ পৰা ৩,৮৪৩টালৈ বৃদ্ধি কৰা হৈছে।