নিৰ্বাচন আয়োগক ভোটদানৰ পৰিসংখ্যা দিয়াত পলম কৰাৰ বাবে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে দাখিল কৰা আবেদনৰ পাছতে চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰামাণিক ভোটদানৰ শতাংশ প্ৰকাশৰ সন্দৰ্ভত শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা সঁহাৰি বিচাৰে উচ্চতম ন্যায়ালয়ে।

আবেদনখনত কোৱা হৈছে যে ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে প্ৰকাশ পোৱা অস্থায়ী ভোটদানৰ শতকৰা হাৰতকৈ চূড়ান্ত ভোটদান শতাংশৰ পৰিসংখ্যাত ৬% বৃদ্ধি পোৱা গৈছে।

হিন্দুস্তান টাইমছৰ মতে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে নিৰ্বাচন আয়োগক উত্তৰ দাখিল কৰিবলৈ এসপ্তাহৰ সময় দিছে আৰু ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ২৪ মে’ত শুনানিৰ বাবে নিৰ্ধাৰণ কৰিছে, আৰু আয়োগক ইয়াৰ ৱেবছাইটত তথ্যসমূহ তৎক্ষণাত আপলোড কৰিব নোৱাৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ কৈছে।

আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষনে দাখিল কৰা আবেদনখনত কয় যে ১৯ আৰু ২৬ এপ্ৰিলত দুয়োটা পৰ্যায়ৰ ভোটদান শেষ হোৱাৰ লগে লগে ইচিআইয়ে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আনুমানিক ভোটদানৰ পৰিসংখ্যা প্ৰকাশ কৰি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে , যিটো আছিল প্ৰথম পৰ্যায়ত ৬০%আৰু দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৭ বজালৈকে ৬০.৯৬%। ইয়াৰ পাছত ৩০ এপ্ৰিলত প্ৰকাশিত সংশোধিত পৰিসংখ্যাত দুয়োটা পৰ্যায়ৰ মুঠ ভোটদানৰ পৰিসংখ্যা ৬৬.১৪% আৰু ৬৬.৭১% হোৱা দেখা গৈছে, যিয়ে প্ৰায় ৬% বৃদ্ধি দেখুৱাইছে।

ভোটদানৰ শতাংশ সাধাৰণতে চূড়ান্ত ভোটদানৰ শতাংশ প্ৰকাশ পোৱাৰ পাছত বৃদ্ধি পায় কাৰণ ভৌগোলিকভাৱে প্ৰত্যাহ্বানজনক অঞ্চলত অৱস্থিত দূৰৱৰ্তী ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণকাৰী দলসমূহে উভতি আহিবলৈ সময় লাগে, যিটো অন্যান্য বিষয়ৰ লগতে বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কোনো এটা সমষ্টিত পুনৰ ভোটদানৰ বাবেও তথ্য উন্নীতকৰণত পলম হ’ব পাৰে। অৱশ্যে এইবাৰ এই ব্যৱধান অধিক হৈছে।

আদালতে নিৰ্বাচন আয়োগৰ অধিবক্তাক পৰৱৰ্তী তাৰিখত নিৰ্দেশনা লৈ আহিবলৈ কয়। লগতে, আদালতে আয়োগক প্ৰশ্ন কৰে যে ৱেবছাইটত ভোটদানৰ শতাংশৰ পৰিসংখ্যা আপলোড কৰাত কিয় পলম হৈছে?