• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ক প্ৰত্যাহ্বান: নিৰ্বাচন আয়োগৰ সহাঁৰি বিচাৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2025 3:18 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) নকৰাকৈ কেৱল ‘বিশেষ সংশোধন’ কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে সঁহাৰি বিচাৰিছে। এই আবেদনত অসমত প্ৰায় ৪০ৰ পৰা ৫০ লাখ লোকৰ উপস্থিতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো এই ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰা হৈছে।


ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনখনৰ গুৰুত্ব অনুধাৱন কৰি পৰৱৰ্তী সপ্তাহত এই বিষয়টোৰ শুনানি গ্ৰহণ কৰিব। গুৱাহাটী হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ প্ৰাক্তন সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে এই আবেদনখন দাখিল কৰিছে। আবেদনত প্ৰশ্ন উত্থাপন কৰা হৈছে যে অসমত কিয় নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ কেৱল ‘বিশেষ সংশোধন’ৰ দ্বাৰাহে কৰা হৈছিল, আনহাতে একে সময়তে বিহাৰকে ধৰি আন ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত (ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, আৰু পুডুচেৰী) SIR চলি আছে।

Apply Now

আবেদনকাৰীয়ে উল্লেখ কৰে যে অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল এছ সিনহা আৰু প্ৰাক্তন গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই ১৯৯৭ চনতে ৰাজ্যখনত “৪০-৫০ লাখ অবৈধ অনুপ্ৰৱেশকাৰী” থকাৰ কথা স্বীকাৰ কৰিছিল। এই পৰিৱেশত নিৰ্বাচনী তালিকাৰ বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্য থকা SIR অসমৰ বাবে কিয় প্ৰযোজ্য নহয়, সেই বিষয়ে আবেদনখনত প্ৰশ্ন কৰা হৈছে।


জ্যেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াৰীয়ে আদালতত দাখিল কৰে যে অসমত লাখ লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত হৈছে। যদি SIR চলোৱা নহয়, তেন্তে এই ব্যক্তিসকলে অহা বিধানসভা নিৰ্বাচনত ভোটদান কৰিব, যিটোৱে অসমৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত বিৰূপ প্ৰভাৱ পেলাব আৰু জনগাঁথনিগত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব।


আবেদনত বিশেষ সংশোধন আৰু SIRৰ মাজৰ পাৰ্থক্যও দাঙি ধৰা হৈছে। বিশেষ পুনৰীক্ষণৰ অধীনত, নিৰ্বাচকসকলে নাগৰিকত্ব, বয়স আৰু বাসস্থানৰ প্ৰমাণৰ কোনো নথি দাখিল কৰিব লগা নাছিল।


কিন্তু, জ্যেষ্ঠ অধিবক্তা হান্সাৰিয়াৰীয়ে উল্লেখ কৰে যে SIRৰ ক্ষেত্ৰত, নিৰ্বাচকসকলে নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দাবীৰ সমৰ্থনত নিজৰ নাগৰিকত্ব, বয়স আৰু বাসস্থানৰ প্ৰমাণ হিচাপে নথি-পত্ৰ দাখিল কৰিব লাগিব।


তেওঁ যুক্তি আগবঢ়ায় যে অসমৰ জনসংখ্যা দেশৰ আন অংশতকৈ বহু বেছি অনুপাতত বৃদ্ধি পাইছে আৰু ইয়াৰ মূল কাৰণ হৈছে চুবুৰীয়া দেশৰ পৰা হোৱা বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশ। তেওঁৰ মতে, নিৰ্বাচনী তালিকাৰ কঠোৰ পুনৰীক্ষণ বা তালিকা সংশোধন কৰা হ’ব নে নহ’ব সেই সিদ্ধান্তৰ ভিত্তিত নিৰ্বাচন আয়োগে নিৰপেক্ষ বিবেচনা কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd