• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আটকাধীন বিদেশী সন্দৰ্ভত অসম চৰকাৰ, মুখ্য সচিবক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2019 9:43 pm
supreme-court_of_India

উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডিটেনশ্যন কেম্পত বিদেশী বিচাৰাধীন বন্দীসকলৰ দুৰ্দশা সন্দৰ্ভত অসম চৰকাৰ আৰু মুখ্য সচিব আলোক কুমাৰক বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তীব্ৰ ভৎৰ্সনা কৰে।

দেশৰ সৰ্বোচ্চ আদালতখনে লগতে অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে দাখিল কৰা এখন শপতনামাক সমালোচনা কৰে। শপতনামাখনত কোৱা হৈছে যে যিসকল বিদেশীয়ে ডিটেনশ্যন কেম্পত ৫ বছৰ অতিক্ৰম কৰিছে তেওঁলোকক ৫ লাখ টকাৰ জমা আদায়, ঠিকনা পৰীক্ষণ, চকুৰ বায়োমেট্ৰিক আদি দাখিলৰ বিনিময়ত মুকলি কৰি দিয়া হ’ব পাৰে।

Apply Now

‘’আপুনি উচ্চতম ন্যায়ালয়ক এটা অবৈধ নিৰ্দেশৰ অংশ হোৱাটো বিচাৰিছে য’ত দেশত থাকিবলৈ অধিকাৰ নোহোৱা এজন বিদেশীয়ে থাকিব আৰু এখন বণ্ড তথা তেনেকুৱা নথিত স্বাক্ষৰ কৰোৱা হ’ব। আপোনাৰ চৰকাৰৰৰ ফালৰ পৰা ব্যৰ্থ হোৱা কথাটোত আপুনি সন্মত নহয়নে?’’-বিচাৰপীঠে এইদৰে প্ৰশ্ন কৰে।

ডিটেনশ্যন কেম্পত থকা বিদেশী বিচাৰাধীন বন্দীসকলৰ দুৰ্দশাৰ গোচৰটো সম্পৰ্কত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে ডিটেনশ্যন কেম্পত থকা বিদেশীসকলৰ বিশদ তথ্য আৰু তেওঁলোকক বহিস্কাৰ কৰাৰ কাৰণে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া জানিব বিচাৰিছিল।

মুখ্য সচিব আলোক কুমাৰে কয় যে তেওঁ অসমৰ ডিটেনশ্যন কেম্পত থকা বিচাৰাধীন বন্দীসকলৰ বাবে উন্নত ব্যৱস্থাৰ পদক্ষেপসমূহৰ বিষয়ে লৈ আহিব।

‘’তেওঁলোকৰ নিজৰ দেশলৈ ঘুৰাই পঠিয়াবলগীয়া লোকসকলে ইয়াত অবৈধভাৱে আছে আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে,’’-মুখ্য সচিবগৰাকীয়ে আদালতক জনায়।

আনহাতে, বিচাৰপীঠখনে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ স্থিতি হোৱা উচিত যে ‘’বিদেশী বুলি চিনাক্তসকলক যিমান শীঘ্ৰে সম্ভৱ বিতাৰণ কৰা উচিত। কিন্তু আমি সেই স্থিতি দেখিবলৈ পোৱা নাই!’’

হৰ্ষ মান্দেৰ নাম এগৰাকী সমাজকৰ্মীয়ে দাখিল কৰা এখন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিছিল আদলতখনে।

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আবেদনকাৰীৰ হৈ উপস্থিত থাকি শপতনামাখনৰ সন্দৰ্ভত তেওঁৰ উত্তৰ দিবলৈ আদালতৰ পৰা সময় বিচাৰে।

আনহাতে, বৃহস্পতিবাৰৰ এই শুনানিৰ পাছত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়, ‘’আছুৱে মাননীয় উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সনমান জনাইছে। আমি বিশ্বাস কৰোঁ যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপে অসম চুক্তিৰ ধাৰা ৰূপায়নত নিশ্চিতভাৱে সহায় কৰিব।‘’

‘’কেন্দ্ৰ আৰু অসম চৰকাৰে এই দিশত গুৰুত্বসহকাৰে কাম কৰা উচিত যাতে অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হৈ পৰিব নোৱাৰে,’’-ভট্টাচাৰ্যই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd