ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা
উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলবৎকাৰী সঞ্চালকালয় (ইডি)। তামিলনাডু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত সুৰা বিতৰণ কোম্পানী তামিলনাডু ষ্টেট মাৰ্কেটিং কৰ্পোৰেছনৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সকলো তদন্ত স্থগিত ৰাখিছে। সংস্থাটোত অনিয়ম সংঘটিত হোৱাৰ অভিযোগৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি তদন্ত চলাই আহিছিল ইডিয়ে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মছিহৰ বিচাৰপীঠে ইডিক তীব্ৰ সমালোচনা কৰি কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সকলো সীমা অতিক্ৰম কৰিছে। শেহতীয়াকৈ ইডিৰ কেইবাঠাইতো চলোৱা তালাচী অভিযানক লৈ বিচাৰপীঠে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
তামিলনাডু চৰকাৰী সংস্থাসমূহৰ বিৰুদ্ধে ১০০০ কোটি টকাৰ অনিয়মৰ অভিযোগ সন্দৰ্ভতো কেইবাজনো চৰকাৰী বিষয়াক সোধা-পোছা কৰে ইডিয়ে। সেই সন্দৰ্ভতো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠখনে ক্ষোভ প্ৰকাশ কৰে।
কেন্দ্ৰীয় সংস্থাটোৰ হৈ আদালতত হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক বিচাৰপীঠে কয় যে আপোনাৰ ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে। আদালতে জানিব বিচাৰে যে আপোনাৰ কাৰ্যালয়ে কেনেকৈ এটা নিগমৰ ওচৰলৈ গৈ তাত তালাচী চলাইছিল। আপোনালোকে দেশৰ সকলো ফেডাৰেল গাঁঠনি উলংঘা কৰিছে। ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে।
তামিলনাডু চৰকাৰে ৰাজ্য চৰকাৰৰ সুৰা বিপণন কোম্পানী টাছমেকৰ দোকান-পোহাৰ আৰু ঘৰত তালাচী আৰু সোধা-পোছাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
তামিলনাডুৰ হৈ আদালতত যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে। তেওঁ কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে টাছমাকৰ কৰ্মচাৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগত ৪১টা এফআইআৰ দাখিল কৰিছে। হঠাতে ২০২৫ চনত ইডিয়ে এই তদন্তত প্ৰৱেশ কৰে। আৰু কোম্পানীটোৰ মুখ্য কাৰ্যালয়ত তালাচী চলাই এমডিক জিম্মাত লৈ যায়। অৱশেষত আদালতে ইডিক জাননী জাৰি কৰি গ্ৰীষ্মকালীন ছুটীৰ পিছত বিষয়টো অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।