শিশু আশ্ৰয় গৃহত অনলাইন শিক্ষাৰ ওপৰত জোৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

শিশু গৃ্হত অনলাইন পাঠদান সন্দৰ্ভত ২৯ জুলাইৰ ভিতৰত প্ৰতিবেদন দিয়াৰ নিৰ্দেশ অসমক

SC stresses on online classes for children in shelter homes

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে শিশু আশ্ৰয় গৃহত অনলাইন শিক্ষাৰ ওপৰত জোৰ দিছে।

শিশু আশ্ৰয় গৃহত ক’ভিড-১৯ৰ সংক্ৰমণ সন্দৰ্ভত ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এক গোচৰৰ শুনানিত বুধবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এক বিচাৰপীঠে শিশু গৃহসমূহত অনলাইন শিক্ষা দিয়াৰ বাবে ৰাজ্যসমূহে লোৱা পদক্ষেপ সন্দৰ্ভত এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

গোচৰটোৰ এমিকাছ কিউৰিয়াই গৌৰৱ আগৰৱালাই ন্যায়ালয়ক কয় যে অসমত লকডাউনৰ আৰম্ভণিতে ২৪০০ শিশু শিশু যতন প্ৰতিষ্ঠানসমূহত আছিল, কিন্তু এতিয়া সেই সংখ্যা হৈছে ১৮০০ (।)

“৫০০ শিশুক মুকলি কৰি দিয়া হ’ল। তেওঁলোকক যদি চিকিৎসা বা শিক্ষাৰ সুবিধা লাগে মুকলি কৰি দিয়াসকলৰ খবৰ ৰখাৰ (follow up)ৰ প্ৰয়োজন। অসম ৰাজ্যৰ পুঁজি যোগান স্পষ্ট নহয়,” আগৰৱালাই কয়।

ইয়াৰ প্ৰত্যুত্তৰত অসমৰ অধিবক্তা দীক্ষা ৰায়ে কয় যে মুকলি কৰি দিয়া শিশুসকলৰ খবৰ ৰখাটো লকডাউনৰ বাবে কঠিন হৈ পৰিছে।

বেছিভাগ শিশুৱে ভিতৰুৱা এলেকালৈ যোৱাটোও এক কাৰণ হিচাপে অসমৰ অধিবক্তাই দৰ্শায়।

শুনানিত ন্যায়াধীশ ৰাৱে অসমৰ অধিবক্তাগৰাকীক প্ৰশ্ন কৰে কিয় ৰাজ্যই প্ৰয়োজনীয় সঁজুলিসমূহৰ ব্যৱস্থা কৰি শিশু যতন গৃহসমূহত অনলাইন শিক্ষা দিব পৰা নাযায়?

বিচাৰপীঠখনে শিশু গৃ্হত অনলাইন ক্লাছ দিয়া সন্দৰ্ভত ২৯ জুলাইৰ ভিতৰত এক প্ৰতিবেদন দিয়াৰ বাবে অসম ৰাজ্যক নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে লগতে কয় যে ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব।

ন্যায়ালয়ে আন ৰাজ্যসমূহকো এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ দিয়ে আৰু কয় যে পৰৱৰ্তী শুনানিত বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচৰা হ’ব।

কেন্দ্ৰৰ পৰা এই সহায় নিৰ্দিষ্টভাৱে পুঁজিৰ দিশত হ’ব, বিচাৰপীঠখনে কয়।

ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২১ জুলাই ধাৰ্য্য কৰে। সেই শুনানিত বাকী ৰাজ্যসমূহক শুনা হ’ব।

চেন্নাইত ৩৫গৰাকী শিশু ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ খবৰ ওলোৱাৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ নিজাববীয়া গোচৰ লৈছিল।