প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তা ভংগৰ তদন্ত বিচাৰি কৰা আবেদন শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

PM Security Breach

বুধবাৰে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ভংগৰ বিষয়ত আদালতৰ নিৰীক্ষণত তদন্ত বিচাৰি কৰা এক আবেদন গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে উল্লেখ কৰা এই বিষয়টো ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত বিচাৰপীঠে আবেদনৰ এটা প্ৰতিলিপি পঞ্জাৱ চৰকাৰক পৰিৱেশন কৰিবলৈ নিৰ্দেশ দিয়ে।

অহা শুক্ৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি বিচাৰপীঠে লগতে উল্লেখ কৰে।

অধিবক্তা সিঙে বিচাৰপীঠক কয় যে প্ৰধানমন্ত্ৰীৰ লগত যি ঘটনা ঘটিছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় সেইয়া নিশ্চিত কৰিব লাগিব। এই উদ্দেশ্য আগত ৰাখি এই আবেদন গ্ৰহণ কৰিবলৈ আহ্বান জনায় সিঙে।

বিষয়টোৰ সন্দৰ্ভত আদালতে কি কৰিব বুলি আশা কৰিছে বুলি বিচাৰপীঠে কৰা প্ৰশ্নৰ উত্তৰত সিঙে কয় যে এইটো এটা গুৰুতৰ ত্ৰুটি আৰু অগ্ৰহণযোগ্য নিৰাপত্তা উলংঘন।

ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আদালতৰ দ্বাৰা আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাটোৰ ওপৰত তদন্ত হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে এইয়া অতি প্ৰয়োজনীয়।