হাৰিয়ানাৰ কৰ্ণালত বিজেপিৰ নতুন দলীয় কাৰ্যালয়ৰ পথ বহল কৰিবলৈ প্ৰায় ৪০ ডাল গছ কাটি পেলোৱাৰ বাবে বুধবাৰে উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় হাৰিয়ানা চৰকাৰ। ন্যায়াধীশসকলে এই কাণ্ডক “জঘন্য” বুলি অভিহিত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিয়ে।
১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সাহসেৰে নেতৃত্ব দিয়া প্ৰাক্তন সেনা জোৱান কৰ্ণেল দবিন্দৰ সিং ৰাজপুতে (বীৰ চক্ৰ) প্ৰথমে এই ঘটনাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল। সেইখন খাৰিজ হোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
কৰ্ণালৰ আৱাসিক এলেকাত হাৰিয়ানা চৰকাৰে সকলো আইন উলংঘা কৰি দলীয় কাৰ্যালয় স্থাপনৰ বাবে বিজেপিক মাটি দিয়াৰ অভিযোগ উত্থাপন কৰে ৭৯ বছৰীয়া ৰাজপুতে।
তেওঁ অভিযোগ কৰে যে এইচ এছ ভি পি (পূৰ্বৰ হুডা)ৰ পৰা ক্ৰয় কৰা মাটিৰ কাষতে থকা ১০০ মিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণ বেল্টত ১০ মিটাৰ বহল পথ নিৰ্মাণৰ বাবে সংস্থাটোৱে ৪০টা গছ কাটি পেলাইছে। এই গ্ৰীণ বেল্টৰ বাবেই তেওঁ ৩৬ বছৰ পূৰ্বে ‘প্ৰেফাৰেন্সিয়েল লকেচন চাৰ্জ’ দিছিল।
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু কে ভি বিশ্বনাথনৰ বিভাগীয় বিচাৰপীঠে শুনানিৰ সময়ত হাৰিয়ানা চৰকাৰ আৰু নগৰ উন্নয়ন সংস্থাক কঠোৰভাৱে ভৎসৰ্না কৰে। তেওঁলোকে প্ৰশ্ন কৰে, “গছবোৰ কিয় এনেকৈ কাটি পেলালে? গছবোৰৰ কি হ’ল? ৰাজনৈতিক দলৰ দলীয় কাৰ্যালয় আন ঠাইত কৰিব নোৱাৰিলেহেঁতেনে?”
হাৰিয়ানা চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল বিক্ৰমজিৎ বেনাৰ্জীয়ে দাবী কৰে যে সকলো প্ৰয়োজনীয় অনুমতি লাভ কৰি পৰিৱেশৰ নিয়ম মানি কাম কৰা হৈছে আৰু যিমানবোৰ গছ কটা হৈছে সেই সমান সংখ্যক গছ ৰোপণ কৰা হ’ব।
কিন্তু এই উত্তৰত সন্তুষ্ট নহৈ ন্যায়াধীশসকলে প্ৰশ্ন কৰে, “৪০ ডাল গছৰ ক্ষতি কেনেকৈ পূৰণ হ’ব? ইয়াৰ ব্যাখ্যা নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
এই ঘটনাৰ বাবে সকলোকে জবাবদিহি কৰিব লাগিব বুলি ন্যায়াধীশসকলে স্পষ্ট কৰি দিয়ে। হাৰিয়ানা নগৰ উন্নয়ন আইন, ১৯৭৭ আৰু টাউন এণ্ড কান্ট্ৰি প্লেনিঙৰ নিয়ম উলংঘাৰ বিষয়টোও তেওঁলোকে ফঁহিয়াই চাব বুলি ইংগিত দিয়ে।





