অসমৰ সমবায়ত ব্যাপক ‘দুৰ্নীতি’, পঞ্জীয়কৰ বাৰম্বাৰ নিৰ্দেশৰ পিছতো হোৱা নাই তদন্ত

সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱাৰ বাবে ৰাজ্যৰ সমবায় মন্ত্ৰীক দাবী জনাইছে দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমে

পঞ্জীয়কৰ পত্ৰ

অসমৰ চৰকাৰৰ পঞ্জীয়নভুক্ত ৯,৪৫৫খন সমবায় সমিতিৰ অধিকাংশই বিত্তীয় অনিয়ম সংঘটিত কৰি থকা বুলি দাবী কৰি দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমে সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱাৰ বাবে ৰাজ্যৰ সমবায় মন্ত্ৰীক দাবী জনাইছে।

গুৱাহাটীৰ জনশক্তি সমবায় সমিতি নামৰ সমবায়খনৰ বিৰুদ্ধে ৰাজ্যৰ সমবায় পঞ্জীয়কে তদন্ত কৰাৰ বাবে কামৰূপ মহানগৰ উপায়ুক্তক কেইবাবাৰো নিৰ্দেশ দিয়াৰ পিছতো বিষয়টোৰ এতিয়ালৈকে তদন্ত নকৰাৰ অভিযোগ তুলি এই দাবী কৰিছে সংগঠনটোৰ কামৰূপ মহানগৰ সমিতিৰ সভাপতি ইছমাইল হুছেইনে।

‘২০১৭ চনৰ ১৩ জুলাইত পঞ্জীয়ক আৰ কে মজুমদাৰে জিলা উপায়ুক্তক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে নিৰ্দেশ দিছিল। কিন্তু ৰহস্যজনকভাৱে জনশক্তি সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে আজিপৰ্যন্ত কোনো ধৰণৰ তদন্ত নহ’ল। আনকি ইয়াৰ পৰৱৰ্তী সময়তো ২০১৮ চনৰ ২৬ ফেব্ৰুৱাৰি আৰু ৩১ জুলাইতো এই সন্দৰ্ভত জিলা উপায়ুক্তলৈ পঞ্জীয়কে পত্ৰ প্ৰেৰণ কৰিছে,’ সংবাদমেলত দাবী সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ইছমাইল হুছেইনৰ।

হুছেইনে লগতে কয়, ‘আৰ টি আই কৰি পোৱা তথ্য মতে সমিতিখনৰ ‘Balance Sheet’ত ২০১৫-১৬ বৰ্ষত ৭৭,৮৩০.০০ টকা আয়কৰ পৰিশোধ কৰা বুলি উল্লেখ আছে। কিন্তু এই সন্দৰ্ভত আয়কৰ বিভাগৰ পৰা আৰ টি আই যোগে তথ্য জানিব বিচৰাত জনশক্তি সমবায় সমিতি লিমিটেডে সেই সময়ছোৱাত কোনোধৰণৰ আয়কৰ আদায় দিয়াৰ তথ্য নাই বুলিহে জানিবলৈ দিয়ে।’

একেখন ‘Balance Sheet’তে ‘সমবায় সমিতিখনে জমি বিক্ৰীৰ অনুমতিৰ সন্দৰ্ভত ১লাখ ৪১হাজাৰ ২০০ টকা খৰচ’ দেখুওৱা বুলি উল্লেখ কৰি হুছেইনে কয়, ‘সমিতিখনৰ দাবীৰ বিপৰীতে দিচপুৰ ৰাজহ চক্ৰ বিষয়াই আৰ টি আইৰ উত্তৰত এই তথ্য কাৰ্যালয়ত নাই বুলিহে তথ্য দিছে।’

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে এই দুৰ্নীতিত সমবায় বিভাগৰ বিষয়া জৰিত থকা বাবেই তদন্ত নোহোৱাৰো সন্দেহ প্ৰকাশ কৰিছে।

‘সমবায় বিভাগৰ একাংশ বিষয়াও এই দুৰ্নীতিত জড়িত থাকিব পাৰে। পঞ্জীয়কৰ নিৰ্দেশ সত্বেও কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই বিষয়টোৰ তদন্ত নকৰাটোৱে চৰকাৰৰ তথা প্রশাসনৰ ভূমিকাক লৈও সন্দেহৰ সৃষ্টি কৰিছে,’ সংবাদমেলত মন্তব্য গগৈৰ।