অনুসূচিত জাতিৰ অধিকাৰত হাত দিলেই পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

20200220_015918

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰণৰ বাবে বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে অনুসূচিত জাতি-জনজাতি লোকৰ বাবে মুঠ ১৬% সংৰক্ষণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে ক্ষুভিত হৈ পৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা।

সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে, এয়া অনুসূচিত জাতিৰ ৰাজনৈতিক-অৰ্থনৈতিক আদিৰ লগতে সকলো অধিকাৰ খৰ্ব কৰাৰ এক গভীৰ ষড়যন্ত্ৰ।

পূৰ্বতে অনুসূচিত জাতি-জনজাতিৰ বাবে মুঠ ১৯%  সংৰক্ষণৰ ব্যৱস্থা আছিল আৰু বিধানসভাত আসনৰ সংখ্যা আছিল মুঠ ২৪ খন। কিন্তু সংৰক্ষণৰ হাৰ ১৬% লৈ হ্ৰাস কৰিলে বিধান সভাত আসনৰ সংখ্যা হ্ৰাস পাব ২০ খনলৈ। সেয়ে এই প্ৰস্তাৱ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

দাসে লগতে কয় যে, পূৰ্বতে ৰাজ্যত অনুসূচিত জাতিৰ বাবে ৭% সংৰক্ষণৰ ব্যৱস্থা আছিল। কিন্তু বৰ্তমান ৰাজ্যত মুঠ জনসংখ্যাৰ ৭০ লাখ অনুসূচিত জাতিৰ লোক, অৰ্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ১৬% লোকেই অনুসূচিত জাতিৰ। সেয়েহে কেৱল অনুসূচিত জাতিৰ বাবেই ৭%ৰ পৰা বৃদ্ধি কৰি ১৬% সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

আনহাতে অনুসূচিত জাতি-জনজাতিৰ বাবে বিধানসভাৰ আসন ২৪ ৰ পৰা ৪০ খনলৈ বৃদ্ধি কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে অনুসূচিত জাতিৰ অধিকাৰত হাত দিলেই পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ প্ৰদান কৰে।

সন্থাৰ সম্পাদক গৰাকীয়ে আৰু কয় যে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী হোৱাটো আমিও বিচাৰো, কিন্তু এনেদৰে অনুসূচিত জাতি-জনজাতিৰ লোকসকলক অন্যায় কৰি নহয়। অসমৰ সবাটোতকৈ পুৰণি খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতি আৰু জনজাতিৰ লোক।

১৬ টা উপজাতিৰে সমৃদ্ধ অসমৰ অনুসূচিত জাতি। যি সময়ত সন্থাই সংবিধানপ্ৰদত্ব সংৰক্ষণ ব্যৱস্থাক নীতিগতভাৱে আৰু উচিতভাৱে ব্যৱহাৰ কৰাৰ দাবী তুলি সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সময়ত এনে ধৰণৰ প্ৰস্তাৱে সন্থাক স্বাভাবিকতেই ক্ষুভিত কৰি তুলিছে।

অনুসূচিত জাতিৰ লোকৰ সৰলতাক দুৰ্বলতা বুলি ভুল কৰিলে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে হ’ব বুলি সকীয়াই দিয়ে সন্থাই।

সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় যে নাগৰিকত্ব আইনৰ জৰিয়তে যি সমূহ বিদেশী স্বদেশী হ’ব, সেই সকলকো চৰকাৰে প্ৰদান কৰিব অনুসূচিত জাতি-জনজাতিৰ মৰ্যাদা। মুঠৰ ওপৰত অনুসূচিত জাতি-জনজাতিক সম্পৰ্ণৰূপে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিত হৈছে ৰাজ্যত। কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই সেই ষড়যন্ত্ৰ কেতিয়াও সফল হবলৈ নিদিয়ে। প্ৰয়োজনত যি কোনো পৰ্যায়লকৈ যোৱাৰ বাবে সাজু অনুসূচিত জাতি ছাত্ৰ সন্থা।