NORTHEAST NOW (Assamese)

উত্তৰ লখিমপুৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ছাত্ৰীৰ হাত বিচ্ছিন্ন

August 25, 2018 6:35 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

উত্তৰ লখিমপুৰত কালি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীয়ে তেওঁৰ বাওঁ হাতখন হেৰুৱাবলগীয়া হয়। ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ মাত্ৰ কিছু মিটাৰ আঁতৰত অৱস্থিত লীলাৱতি বৰদলৈ হিন্দী হাইস্কুলৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত নকাৰি হাইস্কুলৰ নবম শ্ৰেণীৰ ছাত্ৰী কৰবি সন্দিকৈক কালি আবেলি এ এছ ০১ এফ চি ৬৯৬১ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে।

সেই সময়ত ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ পৰা চাইকেল চলাই ঘৰলৈ আহি আছিল।

পিছত গুৰুতৰভাৱে আহত কৰবি সন্দিকৈক নগৰৰে এখন ব্যক্তিগত হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেওঁৰ বাওঁ হাতখন দেহৰ পৰা বিচ্ছিন্ন কৰি দিবলৈ বাধ্য হয়।

Related News