ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ বাবে দেশৰ শিক্ষাৰ্থী সকল ক্ষতিগ্ৰস্ত হৈছে।
সামাজিক মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে হোৱা আলাপৰ সময়ত মঙলবাৰে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে আহিবলগীয়া শিক্ষাবৰ্ষত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব বুলি মন্তব্য কৰে।
ছাত্ৰ-ছাত্ৰী সকলৰ বহুমূলীয়া পাঠ্যক্ৰম গ্ৰহণৰ সময় নষ্ট হোৱা আৰু তেওঁলোকৰ ওপৰত পৰিব পৰা চাপ হ্ৰাস কাৰৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি পোখৰিয়ালে জানিবলৈ দিয়ে।
পোখৰিয়ালে পূৰ্বেও সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ শিক্ষাৰ্থী সকলৰ সৈতে অনলাইন বাৰ্তালাপত অংশ লৈছিল।
ইয়াৰ পূৰ্বে চি বি এছ চিয়ে নৱম শ্ৰেণীলৈ সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ ফলত দেশৰ শিক্ষানুষ্ঠান সমূহ বৰ্তমান সময়ত বন্ধ হৈ আছে।
বিভিন্ন শিক্ষানুষ্ঠান সমূহে অনলাইন শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিছে।
অসমতো দেশৰ বিভিন্ন প্ৰান্তৰ দৰে শিক্ষা প্ৰতিষ্ঠান সমূহ ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বন্ধ হৈ আছে।