অধ্যক্ষৰ কামনাৰ বলি বিদ্যালয়ৰ ছাত্ৰী : ভাইৰেল হৈ পৰিছে ভিডিঅ’

এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ অধ্যক্ষ বিৰুদ্ধে। বিদ্যালয়ৰ অধ্যক্ষৰ সৈতে হোৱা গালি-গালাজৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যাৰ চেষ্টা চলায়। সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক।

উত্তৰ প্ৰদেশৰ কৌশম্বিত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে কোখৰাজ থানাৰ অন্তৰ্গত এখন বিদ্যালয়ত পঢ়িছিল। পাঁচ দিন পূৰ্বে অধ্যক্ষৰ সৈতে ছাত্ৰীগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। এই সন্দৰ্ভত ছোৱালীজনীৰ পৰিয়ালে আৰক্ষীক অভিযোগ কৰে।

ভিডিঅ’টো পৰীক্ষা কৰি আৰক্ষীয়ে বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। POCSO আইন, ধৰ্ষণকে ধৰি একাধিক ধাৰাত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। তদন্তকাৰী দলে আটক কৰে অভিযুক্ত অধ্যক্ষক।

তদন্তকাৰী বিষয়া বিশ্বকৰ্মাই জনোৱা মতে, দিল্লী-হাওৰা লাইনত এখন মালবাহী ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল ছাত্ৰীগৰাকীয়ে। ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকে কয় যে তেওঁৰ অৱস্থা গুৰুতৰ।