NORTHEAST NOW (Assamese)

বিশ্বদৰবাৰত জিলিকি উঠিল অসমীয়া বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্ম্মা; গৱেষণাত নতুন সূত্ৰ উদ্ভাৱন

November 3, 2020 8:21 am · এন ই নাও নিউজ
Updated: November 3, 2020 12:10 pm
বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্ম্মা।

বিশ্বদৰবাৰত জিলিকি উঠিল এগৰাকী অসমীয়া বিজ্ঞানী। জন্মসুত্ৰে নগাঁৱৰ ড০ জগন্নাথ বিশ্বকৰ্ম্মাই গৱেষণাৰ দ্বাৰা নতুন সূত্ৰ উদ্ভাৱন কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিশ্বৰ প্ৰসিদ্ধ আলোচনী ফৰ্বচেও অসমৰ ড০ জগন্নাথ বিশ্বকৰ্ম্মাৰ গৱেষণাক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে।

যোৱা ৩০ ছেপ্টেম্বৰত আমেৰিকাৰ পৰা প্ৰকাশিত আলোচনীখনে ড০ বিশ্বকৰ্ম্মাৰ বৈজ্ঞানিক প্ৰতিভাৰ প্ৰশংসা কৰি উল্লেখ কৰে যে, বিশ্বকৰ্ম্মাই প্ৰস্তুত কৰা নতুন বৈজ্ঞানিক সিদ্ধান্ত হ’ব পাৰে এটা নতুন সূত্ৰ।

তেওঁ আইৰণৰ ওপৰত কৰা গৱেষণাৰ পৰা গছ-গছনি আৰু অণুজীৱবোৰে কিদৰে আইৰণহীনতাৰ অৱস্থাত নিৰ্দিষ্ট আইৰণ গ্ৰহণ কৰিব পাৰে তাৰ সূত্ৰ উদ্ভাৱন কৰিছে।

আমাৰ সকলোৰে প্ৰয়োজনীয় আইৰণ পৃথিৱীত পৰ্য্যাপ্ত পৰিমাণে উপলব্ধ হোৱা স্বত্বেও গছ-গছনি, অণুজীৱসমূহে আইৰণ প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে আহৰণ কৰাত অসুবিধাৰ সৃষ্টি হয়।

কঠিন প্ৰাকৃতিক পৰিৱেশ, জলবায়ুৰ পৰিৱৰ্তন নেওচি কিদৰে আইৰণ আহৰণ কৰিব পাৰি, তাকে ড০ বিশ্বকৰ্ম্মাই নিজৰ গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰি উলিয়ায়।

ফৰ্বচ আলোচনীত উল্লেখ কৰে যে, তেখেতৰ গৱেষণাৰ দ্বাৰা যি বৈজ্ঞানিক তথ্য পোৱা গৈছে; সেই তথ্যই অসম তথা বিশ্বৰ দক্ষিণ-পূবৰ দেশসমূহৰ কৃষি কাৰ্যৰ বাবে যথেষ্ট সহায়ক হ’ব।

উল্লেখ্য যে, জন্মসুত্ৰে নগাঁৱৰ ড০ জগন্নাথ বিশ্বকৰ্মাই ছুইজাৰলেণ্ডস্থিত ই.টি.এইচ. জুৰিকৰ অন্তৰ্গত এৱাগ নামৰ প্ৰসিদ্ধ গৱেষণাগাৰত এই গৱেষণা সম্পন্ন কৰে।

এলবাৰ্ট আইনষ্টাইনৰ দৰে ন’বেল বঁটা বিজয়ী বিজ্ঞানীয়ে অধ্যয়ন তথা অধ্যাপনা কৰা বিশ্বৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম ই.টি.এইচ. জুৰিক বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে।

লেবৰেটৰীত ব্যস্ত বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্মা। ফটো সৌজন্য: ফ’ৰ্বছ

ড০ বিশ্বকৰ্ম্মাই নিজৰ গৱেষণা সম্বন্ধে ইতিমধ্যেই আমেৰিকাৰ ৰাসায়নিক সমাজৰ অন্তৰ্গত কেইবাখনো গৱেষণা পত্ৰত লিখিছে।

বৰ্তমান জুৰিকৰ পৰাই তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা আয়োজিত বৈভৱ সন্মিলনৰ এগৰাকী সদস্য / পেনেলিষ্ট্ হিচাপে পৰিৱেশ বিজ্ঞান আৰু পৰিৱেশ আভিযান্ত্ৰিক দিশত কিদৰে ভাৰতত অনাগত দহ বছৰত গৱেষণা কৰিব পৰা যাব, তাৰ বিশেষ পৰামৰ্শ আগবঢ়াই আহিছে।

২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ছুইজাৰলেণ্ড যাত্ৰাত জগন্নাথ বিশ্বকৰ্ম্মাক ভাৰত চৰকাৰৰ হৈ বিশেষ ভাৱে সন্মান জনায়।

তেওঁ ছুইজাৰলেণ্ডৰ বিভিন্ন আগশাৰীৰ আলোচনা চক্ৰ, সভা-সমিতি আদিত জলবায়ু পৰিৱৰ্তন, পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি আহিছে।

Related News