অতি ভয়ংকৰ। দেখিলেই চকু কপালত উঠিবলগীয়া ঘটনা। কিন্তু সকলো ঘটিল নাটকীয়ভাৱে।
তীব্ৰ গতিত অহা এখন মেট্ৰ’ ৰে’ল ষ্টেশ্যনত নৰখাই প্ৰচণ্ডভাৱে খুন্দা মাৰি ষ্টেশ্যনৰ প্ৰাচীৰ ভাঙি বাহিৰলৈ আহি নাটকীয়ভাৱে ওলমি ৰ’ল।
নেদাৰলেণ্ডত সোমবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা। প্ৰাচীৰ ভাঙি বাহিৰলৈ ওলাই অহা ৰে’লখন এটা তিমি মাছৰ ফিছাত ওলমি ৰ’ল।
নেডাৰেলেণ্ডৰ ৰটাৰডাম চহৰত সংঘটিত এই ঘটনাত বৃহৎ ভাস্কৰ্য হিচাপে থিয় হৈ থকা তিমি মাছৰ ফিছা এখনত ওলমি থাকিল ৰে’লখন।
ঘটনা অনুসৰি, ৰে’লখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱাৰ পাছত শেষৰটো ষ্টেশ্যনলৈ আহিও ৰখাব নোৱাৰি প্ৰাচীৰ ভাঙি বাহিৰলৈ ওলাই আহে।
স্বাভাৱিকতে বৃহৎ ক্ষতি হোৱাৰে সম্ভাৱনা আছিল যদিও তিমি মাছৰ সেই ফিছাৰ প্ৰতিমূৰ্তিত লাগি ৰৈ গ’ল ৰে’লখন।
আচৰিতভাৱে ৰে’লখনৰ সন্মুখৰ ডবাটো ফিছাটোত লাগি ৰৈ যায় আৰু মেট্ৰ’খন তললৈ সৰি পৰাৰ পৰা ৰক্ষা পৰে।
বাতৰি অনুসৰি, বিশ বছৰ পূৰ্বে মেট্ৰ’ ষ্টেশ্যনৰ কাষৰ এখন উদ্যানত সেই তিমি মাছৰ ফিছাৰ ভাস্কৰ্যটো স্থাপন কৰা হৈছিল। দুটা তিমি মাছৰ বৃহৎ ফিছা দুখনেই হৈছে এই ভাস্কৰ্যৰ বিশেষত্ব আৰু ইয়েই মেট্ৰ’খনক বচালে।
উল্লেখ্য যে ৰে’লখনত কোনো যাত্ৰী নাছিল আৰু একামাত্ৰ চালকজনেই আছিল। তেওঁৰো জীৱন ৰক্ষা পৰিছে।
এই ঘটনাত কিছু সৰু-সুৰা ক্ষতি হৈছে যদিও বিশেষ ক্ষতি হোৱা নাই আৰু কোনো প্ৰাণহানিৰ ঘটনাও ঘটা নাই।
চৰকাৰীভাৱে ঘটনাটোৰ এক তদন্ত আৰম্ভ কৰা হৈছে।