কিডনিৰ অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক জীৱন লাভ কৰিব ৰোগীয়ে; বৃহৎ আৱিষ্কাৰ বিজ্ঞানীসকলৰ

ফটোঃ সংগ্ৰহীত।

২০৩০ চনৰ ভিতৰত ডায়েলাইছিছ ৰোগীৰ সংখ্যা ৪৯ লাখ হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান সমাজত বৃক্ক বিকল (কিডনি ফেইলাৰ) হোৱাটো এটা ডাঙৰ সমস্যা। বৃক্কৰ অস্ত্ৰোপচাৰ কৰিলেই বেছিভাগ মানুহেই নিজৰ স্বাভাৱিক জীৱনশৈলীলৈ ঘূৰি আহিব নোৱাৰে। এই সকলোবোৰ অসুবিধাৰ পৰা মুক্তি দিবলৈ বিজ্ঞানীসকলে বৃক্ক সংৰোপণৰ অন্যতম গুৰুত্বপূৰ্ণ সুবিধা উলিয়াই আনিছে।

দ্য জৰ্জ ইনষ্টিটিউট ফৰ গ্ল’বেল হেল্থ – ইণ্ডিয়াৰ বিষয়াসকলৰ মতে, বৃক্ক ৰোগীৰ বাবে এইটোৱেই হ’ব সৰ্বোত্তম চিকিৎসা।

শেহতীয়াকৈ বৃক্ক সংৰোপণ কৰা ২০খন দেশৰ ২৪৯ জন লোকৰ সাক্ষাৎকাৰ লৈ পৰিয়াল, কৰ্ম আৰু সামাজিক কাৰ্য্যকলাপত ব্যস্ততাৰ লেখ জোখ লৈ কৰ্মশালাৰ জৰিয়তে এই সঁজুলিটো প্ৰস্তুত কৰা হৈছিল। ইয়াৰ নাম হৈছে SONG-LP।

লগতে পঢ়কঃ হয় INDIA এৰক, নহ’লেই গ্ৰেপ্তাৰ! ভাবুকি পাইছে কেজৰিৱালেঃ গুৰুতৰ অভিযোগ আপৰ

এই সঁজুলিটোৰ সন্দৰ্ভত ভাৰতৰ জৰ্জ ইনষ্টিটিউট ফৰ গ্ল’বেল হেল্থৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক বিবেকানন্দ ঝাই কয়, ‘SONG-LP সঁজুলিটো বৃক্ক প্ৰতিস্থাপন কৰা সকলৰ বাবে ব্যৱহাৰ অনুকূল হিচাপেই ডিজাইন কৰা হৈছে। এইটো ৰোগীসকলে ব্যৱহাৰ কৰাটো সহজ।’

ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু দক্ষিণ কোৰিয়াৰ গৱেষকসকলে বৃক্ক প্ৰতিস্থাপনৰ পিছত ৰোগীৰ জীৱনত জড়িত হোৱাৰ ক্ষমতা জুখিবলৈ এই ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ সঁজুলিটো প্ৰস্তুত কৰিছিল।

এই সঁজুলিটো বৃক্ক সংৰোপণ কৰা প্ৰাপ্তবয়স্কসকলৰ বাবে বিশেষ প্ৰশ্নাৱলীৰ আকাৰত আছে। প্ৰশ্নাৱলীত তেওঁলোকৰ জীৱনৰ চাৰিটা দিশ – অৱসৰ, পৰিয়াল, কৰ্ম আৰু সামাজিক কাম-কাজৰ বিষয়ে সোধা হৈছে। এই চাৰিটা মাত্ৰাৰ উত্তৰ দিবলৈ দুটা স্কেল ব্যৱহাৰ কৰা হৈছিল, ক্ৰমে ০ (কেতিয়াও নহয়)ৰ পৰা ৪ (সদায়)লৈকে। চাৰিটা উত্তৰৰ গড় হিচাপ কৰিলে মুঠ নম্বৰ পোৱা যায়।

লগতে পঢ়কঃ পেইনকিলাৰ পেৰাচিটামলে নষ্ট কৰিব পাৰে লিভাৰ! কি কোৱা হৈছে গৱেষণাত?

বিবেকানন্দ ঝাই লগতে কয় যে ক্ৰনিক কিডনী ডিজিজ (চি কে ডি) মৃত্যুৰ হাৰ, অক্ষমতা আৰু আৰ্থিক খৰচৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ বাবে এক ক্ৰমাৎ বৃদ্ধি পোৱা সমস্যা। বিশ্বজুৰি সাধাৰণ জনসংখ্যাৰ প্ৰায় ১৩ শতাংশ লোকৰ কোনো ধৰণৰ চি কে ডি আছে। বৰ্তমান বৃক্কৰ শেষ পৰ্যায়ৰ ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা দুবিধহে। ক্ৰমে ৰেনাল ডায়েলাইছিছ আৰু কিডনী ট্ৰান্সপ্লাণ্ট। আৰু এই কিডনী ট্ৰান্সপ্লাণ্টক অধিক সুবিধাজনক কৰি তুলিবলৈ ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইনৰ বিজ্ঞানীসকলে বিশেষ সঁজুলি প্ৰস্তুত কৰিছে।