NORTHEAST NOW (Assamese)

Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

October 10, 2022 7:28 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

Microplastics found in human breast milk শেহতীয়া এক পৰীক্ষাই আনকি বিজ্ঞানীসকলকো হতবাক কৰি তুলিছে। এটা বা দুটা নহয়, তেওঁলোকে অলপতে ৩৪ গৰাকী মহিলাকলৈ এটা পৰীক্ষা কৰিছিল। তেওঁলোক সকলোৱে নতুন মাতৃ হৈছে। তেওঁলোক প্ৰত্যেকেই স্বাভাৱিকধৰণে স্বাস্থ্যৱান আৰু নিৰোগী। বিজ্ঞানীসকলে এনে ৩৪ গৰাকী মাতৃৰ স্তন্য পৰীক্ষা কৰি  বিচাৰি পাইছে এক ভয়ানক তথ্য। দেখা গৈছে যে ৭৫ শতাংশ গাখীৰতে আছে মাইক্ৰ’প্লাষ্টিক। তদুপৰি, ইয়াত পোৱা আন কেইবাটাও ৰাসায়নিক পদাৰ্থইয়ো উদ্বেগ বৃদ্ধি কৰিছে।

এই পৰীক্ষাটো অলপতে ৰোমত চলোৱা হৈছিল। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু ভৱিষ্যতৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আহিছে। কেইবাটাও পৰীক্ষাৰ পিছত কিছুমান ভয়ানক তথ্য হাতলৈ আহে। তাৰ পিছতে তেওঁলোকে এই পৰীক্ষাটো চলায়।

লগতে পঢ়ক: বিজেপি চৰকাৰৰ বিকাশৰ ছবি! ‘সময় পালে আমাৰ পিনে এবাৰ আহি চাবা’

চিকিৎসকলৰ মতে শিশুৰ পুষ্টি আৰু ভৱিষ্যতৰ সুস্বাস্থ্যৰ বাবে মাতৃৰ গাখীৰ অতি গুৰুত্বপূৰ্ণ। পৰীক্ষাগাৰত পেকিং বা পৃথক কৰি তৈয়াৰ কৰা কোনো খাদ্য বা পানীয় ইয়াৰ এক বিকল্প হ’ব নোৱাৰে। আৰু সেইকাৰণে চিকিৎসকসকলে বেছিভাগ মাতৃক স্তন্যপান কৰোৱাৰ পৰামৰ্শ দিয়ে।

কিন্তু বিজ্ঞানীসকলৰ হাতত অহা শেহতীয়া তথ্যই তেওঁলোকক সন্ত্ৰস্ত কৰি তুলিছে। তেতিয়াহ’লে মাকৰ গাখীৰো আৰু সুৰক্ষিত নহয় নেকি? বিজ্ঞানীসকলে কয় যে প্ৰদূষণ আৰু প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰৰ বাবে পৰিস্থিতি সেই দিশলৈকে আগবাঢ়িছে।

সাম্প্ৰতিক পৰিস্থিতিত বিজ্ঞানীসকলে তেওঁলোকে কি পৰামৰ্শ দিছে? বিজ্ঞানীসকলে হ’বলগীয়া বা সদ্য মাতৃ হোৱা সকলক কিছু পৰামৰ্শ দিছে। এইবোৰ মানি চলিলে তেওঁলোকে বিশ্বাস কৰে যে মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ বহুক্ষেত্ৰত হ্ৰাস কৰিব পৰা যাব।

লগতে পঢ়ক: হিতেশ্বৰ শইকীয়াৰো আছিল প্ৰিয়, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ‘প্ৰহাৰ কৰা’ অমিত শ্বাহৰো প্ৰিয় হিমন্ত বিশ্ব শৰ্মা!

  • প্ৰথমতে প্লাষ্টিকৰ পেকেট বা বাটিত ৰখা খাদ্য বাদ দিবলৈ কোৱা হৈছ। তেওঁলোকৰ মতে সেইবোৰৰ পৰা সাধাৰণতে খাদ্যত বেছি মাইক্ৰ’প্লাষ্টিক  মিহলি হৈছে। সেইবোৰ তেজৰ জৰিয়তে স্তনত গৈ উপনীত হৈছে।
  • ইয়াৰ উপৰিও, তেওঁলোকে প্লাষ্টিকৰ পাত্ৰ বা বটলত ৰখা পানী পৰিহাৰ কৰিবলৈও কৈছে।
  • সাগৰীয় মাছ বা প্ৰাণীবোৰক খাদ্যৰ তালিকাৰ পৰা বাদ দিবলৈ কোৱা হৈছে। সেইবোৰৰ শৰীৰতো বৃহৎ পৰিমাণত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। যি খাদ্যৰ সৈতে শৰীৰত প্ৰৱেশ কৰিছে।
  • প্লাষ্টিকৰ কন্টেইনাৰ বা টিউবত অহা টুথপেষ্ট বা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰাৰো পৰামৰ্শ দিয়া হৈছে।
  • আনকি ছিন্থেটিক কাপোৰৰ পৰাও মাইক্ৰ’প্লাষ্টিক শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই মাৰাত্মক বস্তুটো ছালৰ ছিদ্ৰৰ লগতে মুখৰেও প্ৰৱেশ কৰিব পাৰে।

বিজ্ঞানীসকলে শিশুসকলৰ বাবেও কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে।

লগতে পঢ়ক: মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য, ‘আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ’

  • প্ৰথমতে প্লাষ্টিকৰ খোৱা বটলত খুওৱাৰ বিষয়ে সাৱধান হ’বলৈ কোৱা হৈছে। ইয়াৰ পৰাও মাইক্ৰ’প্লাষ্টিক শিশুৰ শৰীৰলৈ যাব পাৰে।
  • তেওঁলোকে শিশুসকলক গৰুৰ গাখীৰ খুওৱাৰ বিষয়েও সতৰ্ক কৰি দিছে। কিয়নো গৰুৰ গাখীৰতো সাংঘাতিক পৰিমানে এই প্লাষ্টিক পোৱা গৈছে।

এই সকলো মিলি মানৱ জাতিৰ ভৱিষ্যত এক ভয়ংকৰ পৰ্যায়ত উপনীত হৈছে। এয়াই বিজ্ঞানীসকলৰ শংকা। যদি প্লাষ্টিক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা নহয়, তেন্তে এই পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা কৰা হৈছে।

Related News